NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া ছুটীত : বিৰোধীৰ প্ৰতিক্ৰিয়া

December 23, 2017 9:33 am · এন ই নাও নিউজ
Updated: December 23, 2017 5:39 pm
ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰনীকান্তৰ ফাইল ফটো

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰনীকান্তে হঠাতে ছুটী লৈ ৰাজ্যখনৰ পাৰ প্ৰস্থান কৰাৰ বাতৰিয়ে ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ সূত্ৰই জানিব দিয়া মতে তৰনীকান্তে ছুটীত যোৱাৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা অনুমতি লৈছিল।

কিন্তু তৰনীকান্তে ছুটী লৈ ৰাজ্যখনৰ পৰা গুচি যোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো অহা ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন ঘোষণা কৰা হৈছিল।

কাৰ্যালয়ৰ সূত্ৰসমূহৰ মতে তৰনীকান্তৰ ছুটীত যোৱা কাৰ্যত কোনো অস্বাভাৱিকতা নাই কিয়নো তেওঁৰ জটিল ব্যক্তিগত সমস্যা আছিল আৰু পৰিয়ালৰ কিছু জৰুৰী কাৰণত উপস্থিত থকাৰ প্ৰয়োজন হৈছিল।

অৱশ্যে, বিৰোধী কংগ্ৰেছ আৰু বিজেপি দলে এনে গুৰুত্বপূৰ্ণ মুহুৰ্তত তেওঁৰ ছুটীত যোৱা বিষয়টোত ৰহস্যৰ গোন্ধ পাইছে।

অহা বছৰৰ প্ৰথমাৰ্দ্ধতে ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হ’ব। ত্ৰিপুৰা বিধানসভাৰ কাৰ্যকাল ২০১৮ ৰ ৬ মাৰ্চত অন্ত পৰিব। জানুৱাৰীত নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ নিৰ্বাচন মেঘালয় আৰু নাগালেণ্ডৰ লগতে ফেব্ৰুৱাৰীৰ শেহৰ পিনে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

বিৰোধী কংগ্ৰেছ আৰু বিজেপি দলে বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে যে যিসময়ত সমগ্ৰ ৰাজ্য তথা ৰাজনৈতিক দলে চূড়ান্ত ভোটাৰ তালিকাৰ বাবে অপেক্ষা কৰি আছে, তেনে সময়তে মুখ্য নিৰ্বাচনী বিষয়াগৰাকী কেনেকৈ ছুটীত যাব পাৰে।

‘’ আমি ভাবো যে শাসনাধীস্থ বাওঁমৰ্চা চৰকাৰখনে নিয়ন্ত্ৰণ কৰা প্ৰশাসনে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভোটাৰ তালিকা সংশোধনৰ কামত বাধাৰ সৃষ্টি কৰিছে। আমি বিষয়টো ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মুখত উত্থাপন কৰিম,’’- কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক তাপস দেই এইদৰে কয়।

Related News