NORTHEAST NOW (Assamese)

ত্ৰিপুৰা চিপিআই(এম) প্ৰাৰ্থী তথা ৰাজ্যখনৰ মীন মন্ত্ৰী খগেন্দ্ৰ জামাতিয়াৰ মৃত্যু

March 2, 2018 11:38 am · এন ই নাও নিউজ
ফাইল ফটো

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে চিপিআই(এম) সমৰ্থকসকলৰ বাবে এক দুখবৰ। কৃষ্ণপুৰ সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী তথা মীন মন্ত্ৰী খগেন্দ্ৰ জামাতিয়াই আজি ৰাতিপুৱা প্ৰায় ৮.১১ বজাত নতুন দিল্লীস্থিত AIIMSত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত নেতাগৰাকীৰ বয়স আছিল ৬৪।

উল্লেখ্য যে ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম ভাগত জামাতিয়া গুৰুতৰভাবে অসুস্থ হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ AIIMSত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে বৰ্ষীয়ান চিপিআই(এম)ৰ নেতাজন দীৰ্ঘদিন ধৰি জণ্ডিজৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আৰু অৱশেষত আজি ৰাতিপুৱা মৃত্যুক আকোৱালি লয়।

উল্লেখযোগ্য যে খগেন্দ্ৰ জামাতিয়াই ১৯৮৩ চনতে চিপিআই(এম) দলত যোগদান কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ কোনো এবাৰো নিৰ্বাচনত পৰাজিত হোৱা নাই।

ৰাজনীতি পথাৰত অভিজ্ঞ বুলি পৰিচিত জামাতিয়াই ১৯৮৮ চনৰ পৰাই একেৰাহে ছয়বাৰ কৃষ্ণপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।

বৰ্ষীয়ান চিপিআই(এম) নেতাজনৰ মৃত্যুয়ে স্বাভাবিকতে দলটোৰ মনোবল কিছু পৰিমানে হ্ৰাস কৰা পৰিলক্ষিত হ’ব।

ইফালে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষ কৃত্ব সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি চৰকাৰী শুত্ৰই জানিবলৈ দিছে।

Related News