NORTHEAST NOW (Assamese)

দুসপ্তাহৰ ভিতৰত উত্তৰ-পূবৰ ছয়খন ৰাজ্যক লোকায়ুক্ত নিযুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

March 24, 2018 12:07 pm · এন ই নাও নিউজ
Updated: March 24, 2018 12:10 pm

উত্তৰ-পূবৰ ছয়খনকৈ ৰাজ্যসহ মুঠ ১২খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলে বৰ্তমানলৈ লোকায়ুক্ত নিযুক্তি নিদিয়া বিষয়টোত চৰম ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়।আনকি এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহক তীব্ৰ ভৰ্ৎসনা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে।

বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা অশ্বিনী কুমাৰ উপাধ্যায়ৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ বানুমাথীৰ আদালতে এই সন্দৰ্ভত যোৱা শুকুৰবাৰে শুনানি গ্ৰহণ কৰি ১২খন ৰাজ্যৰ মুখ্য সচিব সকলক দুসপ্তাহৰ ভিতৰত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

আনহাতে ইমান দিনে ৰাজ্য সমূহত কিয় লোকায়ুক্ত নিযুক্তি দিয়া হোৱা নাছিল সেই সন্দৰ্ভতো সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিব সমূহৰ পৰা কৈফিয়ৎ বিচাৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে লোকায়ুক্ত নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া উত্তৰ- পূবৰ ছখন ৰাজ্য হৈছে ক্ৰমে- মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

তদুপৰি সৰ্বোচ্চ ন্যায়ালয়খনে জম্মু-কাশ্মীৰ, পুডুচেৰী, পশ্চিমবংগ, তামিলনাডু, তেলেংগানাত লোকায়ুক্ত বা উপ-লোকায়ুক্ত নিযুক্তি দিবলৈ নিৰ্দশ দিছে।

উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পাছত সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্য সচিব সমূহে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। বিশেষকৈ সমাগত সময়ত অৰ্থাৎ দুসপ্তাহৰ ভিতৰতে উচ্চতম ন্যায়ালৰ নিৰ্দেশ কাৰ্যকৰী হয়নে নহয় সেয়া লক্ষণীয় হ’ব।

 

Related News