NORTHEAST NOW (Assamese)
অসম

দ্ৰুতবেগী বাহনে মহতিয়াই নিলে নাহৰফুটুকীক

Posted by: অভিক চক্ৰবৰ্তী December 20, 2017 2:26 pm

মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচাত যোৱাৰাতি এটা মতা পূৰ্ণবয়স্কৰ নাহৰফুটুকী বাঘক এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে। অনুমান কৰা মতে নাহৰফুটুকীটোৱে পাৱৈ চাহ বাগিচাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহোতে পথ পাৰ হ’ব খোজোতেই গাড়ীয়ে মহতিয়াই নিয়ে। ‘এক মান বজাত আমি খবৰ পাওঁ যে গাড়ীয়ে এটা নাহৰফুটুকী বাঘক মহতিয়াই হত্যা কৰিছে। লগে লগে আমাৰ দলটো ঘটনাস্থলীলৈ যাওঁ আৰু মৃত বাঘটো দেখা পাওঁ। মাজৰাতি প্ৰায় ১২.৩০ মান বজাত ঘটনাটো ঘটিছিল।’ মাৰ্ঘেৰিটাৰ বন বিষয়া ধ্ৰুবজ্যোতি দত্তই কয়। পিছত মৃত বাঘটো মাৰ্ঘেৰিটাৰ বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয়।

আনহাতে এভাৰগ্ৰীন ফাউণ্ডেইশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি বিজয় গগৈয়ে কয়, ‘এই ঠাইখনত নাহৰফুটুকীৰ সঘন আহ-যাহ চলে। তথাপি বন বিভাগে গাড়ী লাহে লাহে চলাবলৈ কোনো সতৰ্কীকৰণ জাননী লগোৱা নাই। ৰাতিৰ ভাগত পাৱৈ চাহ বাগিচাৰ পৰা বহু বনৰীয়া জীৱ-জন্তু ওলাই আহে আৰু ৩৭ নং ৰাষ্ট্ৰীয় পথটো পাৰ হয়। এইবোৰ দ্ৰুতবেগী গাড়ীৰ চেপাত মৃত্যু হোৱাৰ ঘটনা ঘটি থাকে।’ তেওঁ আৰু অভিযোগ কৰে যে বন ধ্বংসৰ বাবেই মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত দিনে দিনে বাঢ়িছে।

জানিব পৰামতে বন বিভাগে বাঘটোৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি কাষৰ জংঘলত পুতি পেলায়।