NORTHEAST NOW (Assamese)

নাগালেণ্ড আৰক্ষীৰ হেল্পলাইন কোষ মুকলি; সঞ্চালকপ্ৰধানকো পোনপতীয়াকে যোগাযোগ কৰিব পাৰিব আনকি ৰাজ্যৰ বাহিৰত থকা নাগালোকে

April 3, 2018 9:35 pm · এন ই নাও নিউজ

ছাত্ৰ-ছাত্ৰী, কৰ্মৰত লোক আৰু নাগালেণ্ডৰ ভিতৰে বাহিৰে থকা লোকসকলৰ নিৰাপত্তাৰ বাবে কহিমাৰ আৰক্ষী মুখ্য কাৰ্য্যালয়ত নাগালেণ্ড আৰক্ষীয়ে মুকলি কৰিছে এক হেল্পলাইন কোষ। ৩ এপ্ৰিল মঙলবাৰে সন্ধিয়া জাৰি কৰা এক জাননীত কোৱা হৈছে যে নাগালেণ্ড বা তেওঁলোকে বৰ্তমান বাস কৰি থকা ঠাইত যিকোনো বিপদত পৰাসকলক সহায়ৰ হাত আগবঢ়াবলৈ এই কোষটো মুকলি কৰা হৈছে।

এই ক্ষেত্ৰত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰুপিন শৰ্মাক ফে’চবুক একাউণ্ট D G P Nagaland আৰু হোৱাটচ এপ নম্বৰ ৮২৫৮৮২৯৯৮২ যোগে আৰু আৰক্ষী মহাপৰিদৰ্শক আৰু সমন্বয়ক ছনিয়া সিঙক ম’বাইল নং ৭০৫৪৭৬০৮০০ আৰু ই মে’ইল igpcid2@gmail.com যোগে আৰু আৰক্ষী উপ মহাপৰিদৰ্শক মেৰেন জমিৰক ম’বাইল নং ৮৭৮৭৫৫৯০৯৬ত যোগাযোগ কৰিব পাৰিব।

Related News