NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কক লৈ কেন্দ্ৰক সমালোচনা মিজোৰামৰ মুখ্য মন্ত্ৰীৰ

June 9, 2018 2:10 pm · এন ই নাও নিউজ
Updated: June 9, 2018 10:01 pm

শুকুৰবাৰে নাগৰিকত্ব বিধেয়কক লৈ মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰক সমালোচনা কৰিছে। মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৮ক এটা বহিৰাগত বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ কেন্দ্ৰৰ প্ৰয়াস বুলি অভিহিত কৰাৰ পাছত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চলি থকা আন্দোলনে আশানুৰূপ সমৰ্থন লাভ কৰিছে।

আইজলত থকা কংগ্রেছ ভৱনত আয়োজিত এখন ৰাজনৈতিক অধিৱেশত ভাষণ প্ৰদান কৰি মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে  মুছলীম আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ অভিপ্ৰায় নাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ।

মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে কয়, ‘প্ৰস্তাৱিত বিধেয়কখনত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে। কোনো মুছলীম বা খ্ৰীষ্টিয়ান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ অভিপ্ৰায় নাই কেন্দ্ৰ চৰকাৰৰ।’

তেওঁ কয় যে তেওঁৰ চৰকাৰে প্ৰথমৰ পৰাই এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

তেওঁ আৰু কয় যে বিজেপি দল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিকোপতি কোনো প্ৰতিশ্ৰুতি পালন কৰা নাই। বিজেপি চৰকাৰে কৃষকৰ কষ্টকৰ জীৱনৰ প্ৰতিও চৰম উদাসীনতা অৱলম্বন কৰিছে বুলিও কেন্দ্ৰক দোষাৰোপ কৰিছে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পূৰ্বে মিজোৰামৰ শীৰ্ষতম ছাত্ৰ সংগঠন মিজো ঝিৰলাই পাওলৰ সভাপতি এল ৰামদিনলিয়ানা ৰেনথলেইয়ে কৈছিল যে এই বিধেয়কখন অইনত পৰিণত হ’লে মিজোৰ জনগাঁথনিত বিৰুপ প্ৰভাৱ পৰিব, কাৰণ মিজোৰামত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা বহুতো অনুপ্ৰৱ্শকাৰী আশ্ৰয় লৈ আছে।

মিজোৰামৰ  নাগৰিক সমাজ সন্থাসমূহৰ সমন্বয়ক সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিং, আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ যুটীয়া সংসদীয় সমিতিক প্ৰস্তাৱিত বিধেয়কখনৰ বিৰূদ্ধে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

Related News