NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ কলগাছিয়াত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন গুৰুতৰভাৱে আহত

Posted by: এন ই নাও নিউজ May 7, 2018 10:27 pm
দুৰ্ঘটনা

আজি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানৰ অন্তৰ্গত দেওকুৰাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাৰ ফলত ৭ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

উল্লেখযোগ্য যে কলগাছিয়াৰ পৰা বৰপেটা ৰোডত এখন নম্বৰবিহীন টাটা মেজিক আহি থকা অৱস্থাত হঠাৎ এটি শিশু মেজিকখনৰ মুখৰ আগত ওলোৱাত মেজিকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ফলত ৭ জনকৈ যাত্ৰীয়ে গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত কেইজন হ’ল ক্ৰমে নুৰ মহম্মদ, কদ্দুছ তালুকদাৰ, চালেহ মহম্মদ বাবৰ, ৰোজিনা পাৰবিন, তাপশজ্যোতি বৰুৱা, গীতুমনি দাস আৰু মুচুকুণ্ডা দাস বুলি জানিব পৰা গৈছে।

ইয়াৰে নুৰ মহম্মদ, আব্দুল কদ্দুছ তালুকদাৰ আৰু ৰোজিনা বেগমৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজনকে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে স্থানীয় ৰাইজে একাংশ মেজিকে আৰক্ষী আৰু জিলা পৰিবহণ বিভাগক মেনেজ কৰি নীতি বৰ্হিভূতভাৱে গাড়ী চলাই অহাৰ বাবেই এনেদৰে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি প্ৰকাশ কৰে।