NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ গৰেমাৰীত স্থানীয় যুৱকৰ প্ৰচেষ্টাত ১১ ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ

Posted by: পুলেন্দ্ৰ দাস July 18, 2018 4:49 pm

বৰপেটা চহৰৰ সমীপৱৰ্তী গৰেমাৰী পথাৰত আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ মান বজাত স্থানীয় ৰাইজে গৰেমাৰী পথাৰ নিবাসী আশ্ৰফ আলীৰ বাসগৃহৰ সন্মুখৰ এজোপা চেগুন গছত এডাল প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰে।

আনহাতে প্ৰকাণ্ড অজগৰডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়। অৱশ্যে স্থানীয় যুৱক ছফিউৰ ৰহমান, আব্দুল আওৱাল আৰু প্ৰকাস বিশ্বাসে তৎপৰতাৰে প্ৰায় ১১ ফুট দৈৰ্ঘৰ অজগৰডাল জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত যুৱক কেইজনে প্ৰকাণ্ড অজগৰটোক বন বিভাগৰ লোকক চমজাই দিয়ে। ইফালে স্থানীয় ৰাইজে যুৱক কেইজনৰ এনে প্ৰচেষ্টাক প্ৰশংসা জনাইছে।