NORTHEAST NOW (Assamese)

মন্ত্ৰী কেশৱ মহন্তৰ বান সাহায্যৰ পিছতে জখলাবন্ধাত ক্ষোভৰ জুই, বন্ধ উজনি-নামনিৰ যোগাযোগ

August 9, 2018 11:05 pm · ৰিদিপ শৰ্মা

কলিয়াবৰৰ যোৱাটো বানত ক্ষতিগ্ৰস্ত ৪৯৪৮টা পৰিয়ালক প্ৰায় এবছৰৰ পাছত আজি ৯ আগষ্টত জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই সাহায্য প্ৰদান কৰে যদিও মন্ত্ৰীৰ অনুষ্ঠানৰ পিছতে ক্ষোভৰ জুই জ্বলিছে সমষ্টিটোত।

বানত ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুতিত ব্যাপক বিসংগতিৰ অভিযোগ তুলি বিপুলসংখ্যক লোক ওলাই আহি আজি সন্ধিয়া জখলাবন্ধাত অৱৰোধ কৰে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।

বান সাহায্যৰ দাবীত ওলাই অহা লোকসকলৰ পথ অৱৰোধৰ ফলত উজনি-নামনিৰ যোগাযোগৰ মূল পথটোৱেই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত উপায়হীন হৈ কলিয়াবৰৰ প্ৰশাসনিক বিষয়া ঋতুপল্লৱ বৰুৱাই আহি ৰাইজক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াতহে প্ৰায় ১ ঘণ্টাৰ পিছত পথ এৰি দিয়ে ক্ষুভিত প্ৰতিবাদকাৰীয়ে।

বানত ক্ষতিগ্ৰস্ত হোৱা লোকেও সাহায্য নোপোৱাৰ বিপৰীতে বান নোহোৱা এলেকাৰ ৰাজনৈতিক নেতা-পালিনেতা আৰু আত্মীয়ই সাহায্য লোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

কলিয়াবৰৰ  কুঁৱৰীটোলস্থিত মুক্তিযুঁজাৰু স্মৃতি ভৱনত আজি বানত ক্ষতিগ্ৰস্ত ৪৯৪৮টা পৰিয়ালক মন্ত্ৰী মহন্তই সাহায্য বিতৰণ কৰিছিল। পৰি্যালসমূহলৈ মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ  ১০০ টকাৰ সাহায্য দিয়া হৈছে।

আগন্তুক এসপ্তাহৰ ভিতৰত নিজ নিজ বেংক একাউণ্টত ক্ষতিগ্ৰস্তসকলে সাহায্য হিচাপে দিয়া ধনৰাশি পাব বুলি মন্ত্ৰীজনে ঘোষণা কৰিছিল।

Related News