NORTHEAST NOW (Assamese)

মিলিন্দ সুমনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে অংকিতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ছবি

March 26, 2018 10:59 am · এন ই নাও নিউজ

মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক তথা ফিটনেছ প্ৰম’টাৰ মিলিন্দ সুমনে তেওঁৰ প্ৰেমিকা গুৱাহাটীৰ এগৰাকী বিমান পৰিচাৰিকা অংকিতা কোঁৱৰৰ সৈতে উঠা কিছু অন্তৰংগ মুহূৰ্তৰ ছবি ইনষ্টাগ্ৰমাত শ্বেয়াৰ কৰিছে। দুয়োজনে তেওঁলোকৰ সাহচৰ্যৰ চতুৰ্থ বাৰ্ষিকী পালন কৰিছে।

৫২ বৰ্ষীয় মিলিন্দে বিমান পৰিচাৰিকা অংকিতাৰ সৈতে সুখী সম্বন্ধ অতিবাহিত কৰিছে।

অংকিতাইয়ো তেওঁৰ মিলিন্দৰ সৈতে নিকট সান্নিধ্যৰ কিছু ছবি শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত অংকিতাই প্ৰেম-সম্ভাষণৰ উমাল বাৰ্তাৰে ছবিসমূহ আপলোড কৰিছে।

তেওঁলোক দুয়োজনেই তেওঁলোকৰ সম্পৰ্ককলৈ অতি মুখৰ আৰু কেতিয়াও তেওঁলোকৰ প্ৰেমৰ নিবিড় সম্পৰ্কৰ কথা বাহিৰলৈ অনাত ইজনে সিজনক বাধা দিয়া নাই।

 

দুয়োজনৰ মাজত থকা বয়সৰ ব্যৱধানৰ বাবে তেওঁলোকৰ বিষয়টো আলোচনাৰ মাজলৈ আহিছিল আৰু এতিয়া তেওঁলোকৰ তেওঁলোকৰ সম্পৰ্কৰ এটা নতুন মাত্ৰাত উপনীত হৈছে।

বিমান পৰিচাৰিকা অংকিতাৰ সৈতে মিলিন্দ সুমনৰ সম্পৰ্কটো মিলিন্দে ৰাজহুৱা কৰাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেম জীৱনৰ বিষয়ে চৰ্চা হৈ আহিছে।

যেতিয়া ছুপাৰ মডেল মিলিন্দ সুমনে তেওঁৰ প্ৰেমিকা ২৬ বছৰীয়া অংকিতাৰ বিষয়ে ঘোষণা কৰিছিল ছচিয়েল মিডিয়াত তেওঁ কটূ সমালোচনাৰ সন্মুখীন হৈছিল।

অৱশ্যে, অভিনেতা গৰাকীয়ে এই সকলো সমালোচনাকে হেলাৰঙে অতিক্ৰম কৰি তেওঁলোকৰ সম্পৰ্কক স্থায়ী কৰি তুলিছিল।

প্ৰেমিক যুগলে একেলগে থকাৰ উপৰি একেলগে মাৰাথন দৌৰত ভাগ লয়। এক বাতৰি অনুসৰি মিলিন্দে অংকিতাকো নিজৰ দৰে এগৰাকী মাৰাথনবিদ কৰি তুলিব বিচাৰে।

শেহতীয়া এক বাতৰি মতে মিলিন্দে এই বছৰৰ প্ৰথমভাগত অংকিতাৰ গৃহ চহৰ গুৱাহাটীলৈ আহি তেওঁৰ পিতৃ-মাতৃক সাক্ষাৎ কৰিছিল।

তেওঁ লগতে অংকিতাৰ ভতিজাৰ জন্মদিনত উপস্থিত আছিল আৰু তাতেই আনুষ্ঠানিকভাৱে কোঁৱৰৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে পৰিচয় হৈছিল।

যদিও অংকিতাৰ পৰিয়ালৰ বাবে দুয়োজনৰ মাজৰ বয়সৰ ব্যৱধানটো এটা আপত্তিৰ কাৰণ আছিল, মিলিন্দক লগ পোৱাৰ পিছত তেওঁলোকে সেইটো আওকান কৰিছে।

এতিয়া তেওঁলোকে পৰিয়ালৰ আশীৰ্বাদ লাভ কৰাৰ পিছত ২০১৮ ত তেওঁলোকে সম্পৰ্কটোক আনুষ্ঠানিকতা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

মিলিন্দ সুমনে প্ৰথমতে ফৰাচী অভিনেত্ৰী মাইলীন জেমপানইক ২০০৬ চনত বিয়া পাতিছিল যদিও তিনি বছৰ পিছত তেওঁলোকৰ বিচ্ছেদ হয়।

 

Related News