NORTHEAST NOW (Assamese)
অসম

শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 21, 2017 10:25 am

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নিযুক্তিপত্ৰ বিতৰণৰ এটা অনুষ্ঠানত ৰাজ্যৰ ১৯ খন জিলাৰ মুঠ ২৫৪ জন উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ শিক্ষকক নিযুক্তি পত্ৰ দিয়া হয়। নিযুক্তি পত্ৰ প্ৰদানৰ এই অনুষ্ঠানটোত ভাগ লৈ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে শিক্ষাবিভাগৰ সমস্যা সমূহ সমাধানৰ চেষ্টা কৰি থকা হৈছে। এইখন চৰকাৰৰ দিনত বৰ্তমানলৈকে ৩৬,০৩৯ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছে আৰু এইবোৰ স্বচ্ছতাৰে কৰা হৈছে বুলি শিক্ষা মন্ত্ৰীজনে দাবী কৰে। এই নিযুক্তিয়ে শিক্ষা বিভাগত প্ৰাণৰ সঞ্চাৰ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীজনে। শিক্ষাৰ বিৰুদ্ধে যোৱা কথা-কাণ্ড শিক্ষানুষ্ঠানত হ’ব নালাগে বুলিও মন্ত্ৰীজনে কয়। নিযুক্তি পোৱা কোনো শিক্ষকে দৰমহা নাপালে তেওঁক অৱগত কৰিবলৈ শিক্ষা মন্ত্ৰীজনে আহ্বান জনায়। তেওঁ লগতে অভিযোগ কৰে যে চাকৰি পোৱাৰ পিছত ৰাতিটোৰ ভিতৰতে মানুহৰ মানসিকতা সলনি হৈ যায়। শিক্ষকসকলে টুইটাৰত দৰমহাৰ কথা পাতে।