NORTHEAST NOW (Assamese)
অসম

শৰাইঘাটৰ দ্বিতীয় দলঙত প্ৰতিবাদ ক্ষুভিত বিশেষ আৰক্ষী জোৱানৰ

Posted by: এন ই নাও নিউজ April 23, 2018 12:32 pm
01e44c0b-05f0-483c-be08-6fb8eb02eccf

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহা অসমৰ বিশেষ আৰক্ষী জোৱান (SPO) সকলে আজি পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ’ল। আজি ৰাতিপুৱা ভাগত এই জোৱানসকলে শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ কৰে।

দীৰ্ঘদিনে বঞ্চিত হৈ অহা এই জোৱানসকলে তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে বহু বাৰ আন্দোলনত নামিল যদিও বিগত চৰকাৰৰ লগতে বৰ্তমানৰ সৰ্বানন্দ চৰকাৰেও তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বিপৰীতে আওকাণ কৰি অহা বুলিহে অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

শৰাইঘাট দলঙৰ ওপৰত প্ৰতিবাদত বহা জোৱানসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰি তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে লুইতত সমূহীয়া জাপ দি আত্মজাহ দিয়াৰো ভাবুকি প্ৰদান কৰে।

ইফালে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণত আনিবলৈ তথা ঘটনাস্থলীৰ পৰা আঁতৰাই পঠিওৱাৰ বাবে মোতায়েন কৰা  নিৰাপত্তা বাহিনীৰ সৈতে প্ৰতিবাদকাৰীসকল বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয়। তাৰোপৰি জোৱানসকলৰ উপস্থিতিতে বহুতো জোৱানে লুইতত জাঁপ দিয়াৰো অপচেষ্টা চলায়।

শৰাইঘাট দলঙৰ ওপৰত প্ৰায় ৩০০ৰ পৰা ৪০০ জোৱানে সাব্যস্ত কৰা প্ৰতিবাদত দলঙখনৰ দুয়ো মূৰে শ শ যান-বাহন আবদ্ধ হৈ পৰাৰ ফলত যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০০৮ত নিযুক্তি প্ৰাপ্ত এই প্ৰতিবাদী জোৱানসকলে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।