NORTHEAST NOW (Assamese)
অসম

হোজাইৰ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া গ্ৰীষ্ম শিবিৰ আৰম্ভ

Posted by: নিখিল মুন্দ্ৰা July 3, 2018 7:45 pm
Three Days Summer Camp Began in Hojai.

আজি পুৱা হোজাই জিলাৰ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া গ্ৰীষ্ম শিবিৰ এটা আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত তিনিদিনীয়া এই শিবিৰটোৰ আয়োজন কৰা হয়। চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আগত ৰাখি নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত এই গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই পতাকা উত্তোলন কৰি এই এই গ্ৰীষ্ম শিবিৰ উদ্বোধন কৰা হয়। তাৰ পাছত গ্ৰীষ্ম শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰা হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে বন্তি প্ৰজ্জ্বলন কৰে।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হোৱাৰ বাবে আহ্বান জনায়। শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এনে ধৰণৰ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ ভূয়সী প্ৰশংসা কৰে।

তেওঁ কয় যে সঠিক দিশত একাণপতীয়াকৈ লাগি থাকিলেহে কৃতকাৰ্য হ’ব পাৰি।

হোজাই জিলাৰ অন্তৰ্গত ১২ খন বিদ্যালয়ৰ মুঠ ১২০গৰাকী শিক্ষাৰ্থীয়ে এই গ্ৰীষ্ম শিবিৰত অংশগ্ৰহণ কৰিছে। অহা বৃহস্পতিবাৰে এই গ্ৰীষ্ম শিবিৰটোৰ সামৰণি পৰিব। প্ৰথম দিনাৰ কাৰ্যসূচীত শিক্ষাবিদসকলৰ ভাষণ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়।

এই শিবিৰত কপিল ভেলী ৰেঞ্জ অফিচৰ বিষয়া হৃদয় হাজৰিকা, আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু আমছুৰ হোজাই জিলাৰ সদস্যসকলে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

তাৰোপৰি, কপিল ভেলী ৰেঞ্জ অফিচে বেলেগ বেলেগ প্ৰজাতিৰ প্ৰায় ৩০০ গছপুলিও বিতৰণ কৰে।