ৰকিবুল হুছেইনক মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰত্যুত্তৰ
বন্ধুৰ পৰা শত্ৰুৰ সম্পৰ্কলৈ পৰ্যবসিত হোৱা ৰকিবুল হুছেইন আৰু পল্লৱ লোচন দাসে সুযোগ পালেই ইজনে সিজনৰ প্ৰতি কটুক্তি কৰিবলৈ নেৰে।
অলপতে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে কৈছিল যে সৰ্বানন্দ সোণোৱাল কেবিনেটৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসক এগৰাকী কংগ্ৰেছীৰ দৰে গোন্ধায়। উল্লেখযোগ্য যে দাস পূৰ্বতে কংগ্ৰেছী আছিল আৰু পিছত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিত যোগদান কৰিছিল।
হুছেইনৰ মন্তৱ্যৰ প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে দাসে কয়, ‘’ৰকিবুলে বহু অপ্ৰাসংগিক কথা কয় যিবোৰৰ কোনো অৰ্থ নাই। দৰাচলতে, তেওঁ নিজৰ বৰ্তমান অৱস্থাটোৰ বাবে অলপ অসন্তুষ্ট। তেওঁ আনকি কংগ্ৰেছতে গুৰুত্বহীন হৈ পৰিছে। তেওঁ যিমান দিন কংগ্ৰেছত থাকিব তেওঁলোক কেতিয়াও ক্ষমতালৈ ঘুৰি আহিব নোৱাৰে। কেৱল কংগ্ৰেছেই নহয়, এইটো সকলো দলৰ ক্ষেত্ৰতে প্ৰযোজ্য। যদি তেওঁ এআইইউডিএফত বা আন কোনো দলত যোগদান কৰে তেওঁলোকেও ক্ষমতালৈ নাহে।‘’
দাসে কয় যে হিমন্ত বিশ্ব শৰ্মা দলত থকালৈকে ৰকিবুলৰ গুৰুত্ব আছিল। ‘’হিমন্ত বিশ্ব শৰ্মা যিমান দিনলৈ কংগ্ৰেছত আছিল, ৰকিবুলৰ কিছু গুৰুত্ব আছিল। তেওঁ কংগ্ৰেছ এৰাৰৰ পিছত ৰকিবুলেও গুৰুত্ব হেৰুৱালে। তেওঁ মন্ত্ৰী হৈ থকা সময়ছোৱাত ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। অসমত কংগ্ৰেছৰ পতনৰ আঁৰৰ তেওঁ আছিল অন্যতম কাৰণ।‘’
ৰকিবুল হছেইনক জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তয়ো উভতি ধৰিছে। দত্ত আৰু পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিজেপিত আৰু বেছিদিনলৈ স্থান নাই বুলি কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দত্তই কয়, ‘’বিজেপিত আমাৰ স্থান সম্পৰ্কে আমি নিশ্চিত। ৰকিবুল আৰু তৰুণ গগৈৰহে অসমৰ ৰাজনীতিত বেছিদিনলৈ আৰু স্থান নাই। বিজেপিৰ ভিতৰত কি ঘটিছে সেয়া ৰকিবুলে চিন্তা কৰা উচিত নহয়। তেওঁ কংগ্ৰেছৰ ভিতৰত চলি থকা অন্ত:কন্দল দূৰ কৰাৰ প্ৰচেষ্টাহে চলোৱা উচিত।‘’