NORTHEAST NOW (Assamese)

দুই কুকি মহিলাক উলংগ কৰি পেৰেড : মাত্ৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ!

July 20, 2023 1:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 20, 2023 12:35 pm

হিংসাজৰ্জৰ মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাৰ সৈতে জড়িত মাত্ৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মণিপুৰৰ আৰক্ষী।

ইফালে ঘটনা পোহৰলৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰী বীৰেণ সিঙে দাবী কৰিছিল যে সকলো অভিযুক্তকে গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব।

কিন্তু এই ঘোষণাই কেইবা ঘণ্টা অতিক্ৰম কৰাৰ পাছতো মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ আৰক্ষীয়ে এই পৰ্যন্ত মাত্ৰ এজনহে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে থৌবাল জিলাৰ পৰা হেৰাডাছ (৩২) নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে মণিপুৰৰ এই জঘন্য ঘটনাটো য়োৱা ৪ মে’তে সংঘটিত হৈছিল। কিন্তু বিগত প্ৰায় আঢ়ৈ মাহে ৰাজ্যখনত ইন্টাৰনেট সেৱা বন্ধ হৈ থকাৰ বাবে এই ভিডিঅ’টো ভাইৰেল হোৱা নাছিল বুলি কোৱা হৈছে। ইন্টাৰনেট সেৱাৰ পুনৰ প্ৰৱৰ্তন হোৱাৰ পাছতে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ইফালে আজি পুৱা এটা টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে গ্ৰেপ্তাৰৰ খবৰ ঘোষণা কৰি কয় যে তেওঁৰ চৰকাৰে অপৰাধীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ সম্ভাৱনাকে ধৰি সকলো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব।

আৰক্ষীয়ে জনোৱা মতে, ভাইৰেল হোৱা ভিডিঅ’টোৰ সহায়ত থৌবাল জিলাৰ পৰা হেৰাডাছ (৩২) নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে মণিপুৰৰ মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ ন্যায়ালয়ক অৱগত কৰিবলৈও চৰকাৰক নিৰ্দেশ দিছে।

ডি ৱাই চন্দ্ৰচুদে কয় যে কালি ভাইৰেল কৰা ভিডিঅ’ক লৈ আমি অতি গভীৰভাৱে বিচলিত হৈছো। আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। চৰকাৰে পদক্ষেপ লোৱা আৰু ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে। এয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

Related News