NORTHEAST NOW (Assamese)

ক’ৰ’ণা জয় কৰি চিকিৎসালয়ৰ পৰা উভতিল গুৱাহাটীৰ ১০০ বছৰীয়া আইতাই

September 16, 2020 6:27 pm · এন ই নাও নিউজ
Updated: September 16, 2020 6:34 pm

কথাতে আছে মনৰ জোৰ থাকিলে ৰোগ-ব্যাধিয়ে আসৈ নাপায়।

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছে অসমকো কঁপাই তুলিছে।

ৰাজ্যত হাজাৰ হাজাৰ মানুহ ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

মৃত্যু ঘটিছে কেইবা শতধিক লোকৰ। বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলক ভাইৰাছবিধে সহজে কাবু কৰি অহাৰ কথাও প্ৰমাণ হৈছে।

কিন্তু ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ক’ৰ’ণাক জয় কৰি বহুতৰে মনত সাহসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে শতায়ূ গৰকা এগৰাকী আইতাই।

গুৱাহাটীৰ হাতীগাঁৱত থকা মাদাৰ অল্ড এজ হোমৰ বাসিন্দা মাই সন্দিকৈ নামৰ এইগৰাকী আইতাৰ বয়স ১০০ বছৰ। যোৱা ৭ ছেপ্তেম্বৰত আইতাগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত। তেওঁৰ সৈতে একেলগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অল্ড এজ হোমটোৰে আন এগৰাকী ৭৫ বছৰীয়া আইতাক।

চিকিৎসা গ্ৰহণৰ অন্তত শেহতীয়াকৈ মাই সন্দিকৈ নামৰ শতায়ূ গৰকা আইতাৰ লগতে আনগৰাকী আইতাও ক’ৰ’ণাৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

চিকিৎসক ডাঃ ফাৰুকৰ তত্বাৱধানত আইতা দুগৰাকীৰ চিকিৎসা চলিছিল।

কামৰূপ জিলা প্ৰশাসনেও আইতা দুগৰাকীৰ স্বাস্থ্যৰ খবৰ লৈ আছিল।

অৱশেষত প্ৰায় এসপ্তাহৰ অন্তত দুয়োগৰাকী আইতাই ক’ৰ’ণাৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ সক্ষম হোৱাত এতিয়া স্বাস্থ্যকৰ্মীসকলৰ লগতে সকলোৱে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে।

Related News