NORTHEAST NOW (Assamese)

আজি গুৱাহাটীত ১৫০০ এন ডি এফ বি কেডাৰে কৰিব অস্ত্ৰ সম্বৰণ

January 30, 2020 10:25 am · এন ই নাও নিউজ
প্ৰতীকী ছবি। ইণ্টাৰনেটৰ সৌজন্যত।

আজি বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰা এন ডি এফ বিৰ চাৰিটা গোটৰ প্ৰায় ১৫৫০জন কেডাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰিব।

অসম আৰক্ষীৰ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰেক্ষাগৃহত এন ডি এফ বিৰ চাৰিটা গোটৰ কেডাৰসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পন কৰিব। আত্মসমৰ্পনৰ সময়ত আটাইকেইজন সদস্যই প্ৰায় ১৫০টা অত্যাধুনিক অস্ত্ৰ জমা দিয়াৰ কথা।

উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এন ডি এফ বি, নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বড়ো নেতৃত্বই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।

যোৱা মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন ডি এফ বিৰ ১৫০০ কেডাৰে ৩০ জানুৱাৰীত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিব বুলি কৈছিল।

আজিৰ আত্মসমৰ্পণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

Related News