NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২২ বছৰীয়া ছাত্ৰী নন্দিতা তালুকদাৰ

November 17, 2018 4:57 pm · মৃদুল প্ৰীতম ডেকা
Updated: November 17, 2018 4:58 pm
পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱা নন্দিতা তালুকদাৰ।

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলবোৰৰ মাজত খদমদম লাগি থকাৰ মাজতে দলবোৰে টিকট দিয়া দুই-এক প্ৰাৰ্থীয়ে কৌতূহলৰো সৃষ্টি কৰিছে সাধাৰণ ভোটাৰৰ মাজত। হাজোত ভোটাৰৰ দৃষ্টি কাঢ়িছে এগৰাকী কম বয়সীয়া প্ৰাৰ্থীয়ে।

নন্দিতা তালুকদাৰ নামৰ এই প্ৰাৰ্থীগৰাকীৰ বয়স মাত্ৰ ২২ বছৰ। তেওঁ হাজো সমষ্টিৰ ১নং পঞ্চতীৰ্থ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰাৰ্থী হিচাপে টিকট পাইছে।

সম্ভৱতঃ নন্দিতা তালুকদাৰেই হ’ব আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কনিষ্ঠতম প্ৰাৰ্থী। অৱশ্যে এই কথা তেতিয়াহে নিশ্চিত হ’ব, যেতিয়া দুয়োটা পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দিয়া সমাপ্ত হ’লেহে এই কথাটো নিশ্চিত হ’ব।

মন কৰিব লগীয়া যে নন্দিতা তালুকদাৰ এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত। অধ্যয়নৰত সত্ত্বেও তেওঁ ৰাজনীতিত ভৰি দিবলৈ মন কৰি নৱ প্ৰজন্মৰ বাবে দৃষ্টান্ত স্থাপন কৰিব বিচাৰে।

উল্লেখযোগ্য যে হাজোত কংগ্ৰেছৰ নেতৃত্বত বহন কৰি থকা দুলু আহমেদৰ পৃষ্ঠপোষকতাতে নন্দিতা তালুকদাৰ দলটোৰ পৰা প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে জনোৱামতে, তেওঁ ৰাজনীতিত খোজ দিয়াৰ জৰিয়তে সন্মুখৰ পৰাই যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ সংকল্প লৈছে।

যিটো সময়ত বিভিন্ন দলৰ পৰা টিকট পাবলৈ অভিজ্ঞ ৰাজনৈতিক নেতাৰ হেতা-ওপৰা লাগিছে সেই সময়ত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে এইদৰে এটা প্ৰধান ৰাজনৈতিক দলৰ পৰা টিকট পোৱাটোত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

Related News