NORTHEAST NOW (Assamese)

১৬০০ কোটি টকাৰ বেংক জালিয়াতি গোচৰ: গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ দুই সহ-প্ৰতিষ্ঠাপক

October 28, 2023 8:14 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 28, 2023 8:15 pm

পেৰাবলিক ড্ৰাগছৰ বিৰুদ্ধে উত্থাপিত ১৬০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে অশোকা বিশ্ববিদ্যালয়ৰ দুজন সহ-প্ৰতিষ্ঠাপক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি এই দুগৰাকীৰ লগতে মুঠ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

ধন সৰবৰাহৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে ব্যক্তিকেইগৰাকীক। গ্ৰেপ্তাৰ হৈছে অশোকা বিশ্ববিদ্যালয়ৰ দুগৰাকী সহ-প্ৰতিষ্ঠাপক প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তাৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্ট এছ কে বাঞ্চালক।

উল্লেখ্য যে, পেৰাবলিক ড্ৰাগছ লিমিটেড আৰু ইয়াৰ পৰিচালক প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তাৰ বিপক্ষে ১৬০০ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। মুম্বাই আৰু দিল্লীকে ধৰি কেইবাটাও অঞ্চলৰ ১৭টা স্থানত অনুসন্ধান চলাইছে ইডিয়ে।

চিবিআইৰ গোচৰৰ ভিত্তিত ডাইৰেক্টৰেটে আৰম্ভ কৰিছিল তদন্ত। আজি গ্ৰেপ্তাৰ হোৱা প্ৰণৱ গুপ্তা, বিনীত গুপ্তা আৰু এছ কে বাঞ্চালক আদালতত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশ আদালতে তিনিওকে পাঁচ দিনৰ ববাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে অশোকা বিশ্ববিদ্যালয়ে এই গোচৰৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি পেৰাবলিক ড্ৰাগছৰ সৈতে অশোকা বিশ্ববিদ্যালয়ৰ অতীতত বা বৰ্তমানেও কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে।

অৱশ্যে বিশ্ববিদ্যালয়খনে বিবৃতিত লগতে অশোকা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু দুইশতাধিক দাতাৰ ভিতৰত বিনীত গুপ্তা আৰু প্ৰণৱ গুপ্তাও অন্যতম বুলি দোহাৰে।

Related News