NORTHEAST NOW (Assamese)

হিমাচল প্ৰদেশত আকৌ অঘটন! পাহাৰৰ পৰা নামি অহা মাটিয়ে পুতি পেলালে চলন্ত বাছ

August 11, 2021 5:46 pm · এন ই নাও নিউজ
Updated: August 11, 2021 5:51 pm

হিমাচল প্ৰদেশত আকৌ সংঘটিত হৈছে প্ৰাকৃতিক বিপৰ্যয়।

সৌসিদিনা পাহাৰৰ পৰা খহি পৰা শিলে ৰাজ্য খনত এখন দলং ভাঙি পেলোৱাৰ ফলত ৯ জন পৰ্যটকৰ মৃত্যু ঘটিছিল।

আজি পুনৰ হিমাচল প্ৰদেশৰ কিন্নৌৰত এখন চলন্ত যাত্ৰীবাহী বাছ পাহাৰৰ পৰা নামি অহা মাটিয়ে পুতি পেলায়।

আজি দিনৰ ১১-৫০ বজাত সংঘটিত এই ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

এতিয়ালৈকে দুটা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। ৪০ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে।

কান্নুৰৰ উপায়ুক্ত আবিদ হুছেইন চাদিকে প্ৰকাশ কৰা মতে ঘটনাস্থলী অতি দুৰ্গম স্থানত হোৱা বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে।

সেনাৰ দুখন হেলিকপ্তাৰ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে।ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সৈতে টেলিফোনত কথা পাতি উদ্ধাৰ অভিযানৰ বিষয়ে বুজ লৈছে।

মাটিয়ে পুতি পেলোৱা বাছ খন হিমাচল প্ৰদেশৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছ বুলি জানিব পৰা গৈছে।

বাছ খনে ৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কিন্নৌৰৰ ৰেকং পেওৰ পৰা ছিমলা অভিমুখ গৈ আছিল।এনে সময়তে নিগুলচাৰি নামৰ অঞ্চলটোত পাহাৰৰ পৰা নামি অহা মাটিয়ে বাছ খন পুতি পেলায়।

বাছ খনত থকা আন বহু যাত্ৰীৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

Related News