NORTHEAST NOW (Assamese)

ভাৰতীয় ছিনিয়ৰ মহিলা দলত অন্তৰ্ভুক্ত ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰ

February 21, 2019 12:14 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰে ভাৰতীয় ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ খবৰে সম্প্ৰতি উৎফুল্লিত কৰি তুলিছে ৰাজ্যখনৰ ক্ৰীড়া প্ৰেমীসকলক। খেলুৱৈ দুগৰাকীয়ে তুৰ্কিচ উইমেনছ কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

২৫ ফেব্ৰুৱাৰিৰ পৰা ৬ মাৰ্চলৈ চলিব লগীয়া প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা দলটোত অন্তৰ্ভুক্ত হোৱা ছিকিমৰ খেলুৱৈ দুগৰাকী হ’ল লাকো ফুটি ভূটীয়া আৰু অঞ্জু টামাং।

ইফালে ভাৰতীয় দলত দুগৰাকীকৈ ছিকিমৰ মহিলা ফুটবলাৰ অন্তৰ্ভুক্ত হোৱাত যথেষ্ট আনন্দ প্ৰকাশ কৰি দুয়োগৰাকী খেলুৱৈকে শুভেচ্ছা প্ৰদান কৰে ছিকিম ফুটবল এছ’চিয়েশ্যনে। এছ’চিয়েশ্যনৰ সভাপতি মেনলা এথেনপাই লগতে দুয়োগৰাকী খেলুৱৈয়ে আগন্তুক টুৰ্নামেণ্টত দলৰ হৈ ভাল প্ৰদৰ্শন কৰিব বুলিও আশা প্ৰকাশ কৰে।

জানিব পৰা মতে প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে গ্ৰুপ এ’ত ৰোমানিয়া, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে গ্ৰুপ বিত আছে ফ্ৰান্স(বি), জৰ্ডান আৰু আয়োজক দেশ তুৰ্কি। গ্ৰুপত শীৰ্ষস্থান দখলকাৰী দল দুটাই ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ইয়াৰ উপৰি প্ৰতিযোগিতাখনত তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানৰ বাবেও খেল অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

এই প্ৰতিযোগিতাখন ভাৰতীয় মহিলা ফুটবল দলটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। কিয়নো অহা এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় ৰাউণ্ডৰ এ এফ চি অলিম্পিক কোৱালিফায়াৰ্ছ আৰু মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া ছাফ উইমেনছ কাপৰ পূৰ্বে প্ৰস্তুতি চলোৱাৰ এয়া অন্তিম সুযোগ।

উল্লেখ্য যে ভাৰতীয় মহিলা দলটোৱে চলিত বছৰত এই পৰ্যন্ত সাতখনকৈ আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Related News