NORTHEAST NOW (Assamese)

পেটৰ ভিতৰত লুকুৱাই আনিছিল ২৮ কোটি টকাৰ কোকেইন! দিল্লী বিমানবন্দৰত দুই মহিলাক গ্ৰেপ্তাৰ

May 28, 2022 8:06 am · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৮ কোটি টকাৰ কোকেইনসহ উগাণ্ডাৰ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ কোকেইনখিনি সৰবৰাহৰ বাবে মহিলা দুগৰাকীয়ে গ্ৰহণ কৰিছিল অভিনৱ কৌশল।

কাষ্টম বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া মতে মহিলা দুগৰাকীয়ে নিজৰ পেটৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই আনিছিল।

বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে মহিলা দুগৰাকীয়ে বিশেষ টেবলেটৰ ভিতৰত কোকেইন ভৰাই সাধাৰণ খাদ্যৰ গিলি পেলাইছিল। জব্দ কৰা কোকেইনখিনিৰ ওজন প্ৰায় ২ কিলোগ্ৰাম হ’ব বুলি জানিব পৰা গৈছে।

মহিলা দুগৰাকীৰে এগৰাকীক বৃহস্পতিবাৰে আটক কৰা হৈছিল। পেটৰ ভিতৰত ৮১ টা টেবলেট কঢ়িয়াই অনা বুলি মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰিছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ লৈ যায় আৰু তেওঁৰ পেটৰ ভিতৰৰ পৰা প্ৰায় ০.৮৯১ কিলোগ্ৰাম ওজনৰ কোকেইন উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১৩.৬০ কোটি টকা হ’ব বুলি সন্দেহ কৰা হৈছে।।

আনহাতে ২২ মে’ত গ্ৰেপ্তাৰ কৰা আনগৰাকী মহিলাৰ পেটত প্ৰায় ৮০ টা কেপচুল লুকুৱাই থোৱা অৱস্থাত পোৱা গৈছিল। তেওঁক এক্স-ৰে পৰীক্ষাৰ বাবে ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে ড্ৰাগছখিনি ধৰা পৰে।

মমহিলাগৰাকীৰ পেটৰ পৰা বাহিৰ কৰা টেবলেটৰ ভিতৰত পোৱা কোকেইনৰ ওজন প্ৰায় ০.৯৫৭ কিলোগ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব বুলি কাষ্টম বিভাগে জানিবলৈ দিয়ে।

Related News