NORTHEAST NOW (Assamese)

মুছলমান যুৱকে সাজি আছে ৰাম মন্দিৰৰ ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা

August 10, 2020 7:22 am · এন ই নাও নিউজ
Updated: August 10, 2020 7:28 am

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম তৰিৎ গতিত আৰম্ভ হৈ গৈছে। মন্দিৰটোত স্থাপন কৰিবলগীয়া ঘণ্টাৰ শব্দ শুনা  যাব ১৫ কিলোমিটাৰ দূৰৰ পৰাই।

ৰাম মন্দিৰৰ ঘণ্টাৰ ওজন হ’ব ২১০০ কিলোগ্ৰাম। ঘণ্টাটো সাজি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে উত্তৰ প্ৰদেশৰ জলেশ্বৰ নিবাসী দাউ দয়াল নামৰক লোক জনৰ ওপৰত।

এই গৰাকী দাউ দয়ালে ইতিমধ্যে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ ১০১ কিলোগ্ৰাম ওজনৰ ঘণ্টা,উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰৰ ১০০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা আদি নিৰ্মাণ কৰিছে।

বিগত ৩০ বছৰ ধৰি এনে কামতে জৰিত হৈ থকা দাউ দয়ালক ৰাম মন্দিৰৰ ঘণ্টা প্ৰস্তুতৰ কামত সহায় কৰিব ইকবাল মিস্ত্ৰী নামৰ মুছলমান কাৰিকৰ জনৰ লগতে আন ভালে কেইগৰাকী মুছলমান লোকে।

ঘণ্টাটো নিৰ্মাণত খৰচ পৰিব ২১ লাখ টকা। উত্তৰ প্ৰদেশৰ ইটৱাৰ বিকাশ মিট্টাল নামৰ লোক জনৰ প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম লাভ কৰা ঘণ্টাটো এমাহৰ ভিতৰতে সাজু হৈ উঠিব।

ঘণ্টাটো স্থাপনৰ সময়ত ক্ৰেণৰ সহায় লোৱা হ’ব।

অষ্ট ধাতুৰে সাজি উলিয়াব লগীয়া ঘণ্টাটোৰ শব্দ তৰংগ ইমানেই বেছি হ’ব যে ইয়াৰ শব্দ ১৫ কিলোমিটাৰ দূৰৰ পৰাই শুনা যাব।

ঘণ্টাটো নিৰ্মাণৰ নামত প্ৰতিষ্ঠানটিয়ে কোনো ধন নলয় বুলি প্ৰকাশ কৰিছে।

২১ লাখ টকা খৰচ পৰিবলগীয়া ঘণ্টাটো মন্দিৰলৈ দান হিচাবে আগবঢ়াব বিকাশ মিট্টালৰ প্ৰতিষ্ঠানে।

Related News