NORTHEAST NOW (Assamese)

লামডিং ৰে’লৱে ষ্টেশ্যনত ৩ ৰহিংগ্যা মুছলমানক আটক

February 17, 2019 5:23 pm · এন ই নাও নিউজ
অলপতে আৰক্ষীয়ে লামডিঙত আটক কৰা কেইজনমান ৰহিংগীয়া লোক।

হোজাই জিলাৰ লামডিঙত আজি ৩জনকৈ ৰহিংগ্যা মুছলমানক আটক কৰা হয়। লামডিং ৰে’লৱে ষ্টেশ্যনত স্থানীয় ৰাইজে লোককেইজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।

প্ৰাপ্ত তথ্য মতে ম্যানমাৰৰ পৰা হায়দৰাবাদ হৈ ট্ৰেইনেৰে অসমত প্ৰৱেশ কৰা লোককেইজনৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত তেওঁলোকক কৰায়ত্ত কৰি জি আৰ পিক চমজাই দিয়ে। ধৃত লোককেইজনক ছমশিন আলম (৫১), সমশেৰ আলম (৩২) আৰু সবিৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

লামডিং ৰে’লৱে আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে ৰে’লৱে আৰক্ষীৰ দলে লোককেইজনৰ পৰা নথি-পত্ৰ চাব খোজাত তেওঁলোকে কোনোধৰণৰ বিশ্বাসযোগ্য নথি দেখুৱাব নোৱাৰিলে।

বৰ্তমান লামডিং ৰে’ল আৰক্ষীয়ে আটকাধীন ৰহিংগ্যা কেইজনক নিজৰ জিম্মাত ৰাখি তেওঁলোকৰ ওপৰত সোধ-পোছ অব্যাহত ৰখাৰ লগতে ৰে’লৱে সীমান্ত শাখাই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

Related News