NORTHEAST NOW (Assamese)

ক’ৰ’নাতংক; গুৱাহাটীৰ জামাতে ইছলামি হিন্দৰ কাৰ্যালয়ৰ পৰা ৭ জনক আটক লতাশিল আৰক্ষীৰ

April 14, 2020 7:57 pm · দীপজ্যোতি শৰ্মা
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতিকেইজন

সবত্ৰে ক’ৰ’না ভাইৰাছে ত্রাসৰ সৃষ্টি কৰিছে। আমেৰিকা, ইটালীৰ পিছত ভাৰততো শেহতীয়া ভাৱে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

অসমতো ৩১ জন লোক আক্ৰান্ত হৈছে। তাৰ প্ৰায় ভাগে নিজামুদ্দিনৰ সৈতে সম্পৰ্কিত।

মঙলবাৰে গুৱাহাটীত আত্মগোপন কৰি থকা নিজামুদ্দিনৰ সৈতে সম্পৰ্কৃত সাতজন লোকক আটক কৰে লতাশিল আৰক্ষীয়ে।

হেদায়েৎপুৰৰ জামাতে ইছলামি হিন্দৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ এজন আৰু ত্ৰিপুৰাৰ ছয়জন লোকক আটক কৰে আৰক্ষীয়ে।

বাংগালৰু, চেন্নাই, কলকাতাৰ পৰা হাতত কোৱাৰেণ্টাইন ষ্টাম্প লৈ গুৱাহাটীলৈ অহা ত্ৰিপুৰাৰ যুৱক ক্ৰমে তাকুব আলী, মামুদ আলী, আনোৱাৰ আলী আৰু আব্দুল হুছেইনক গুৱাহাটীত সুৰক্ষা দিছিল ত্ৰিপুৰাৰে আব্দুল বাছিক আৰু জামাতেৰ ফৈয়জ আহমদ খানে। আটাইকেইজনকে লতাশিল থানাত সোধা–পোছা কৰি আছে আৰক্ষীয়ে।

অসমৰ আক্ৰান্তৰ প্ৰায় ভাগে নিজামুদ্দিনৰ সৈতে সম্পৰ্কৃত। তেনে সময়তে বহিঃৰাজ্যৰ পৰা হাতত কোৱাৰেণ্টাইন ষ্টাম্প লৈ অহা যুৱককেইজনে সংগোপনে গুৱাহাটীত বাহৰ পতি আছিল।

চিকিৎসকৰ দলে আটাইকেইজনকে প্ৰাথমিক চিকিৎসা কৰাৰ পিছতে আইনগত ব্যৱস্থা ল’ব প্ৰশাসনে।

Related News