NORTHEAST NOW (Assamese)

যোৱা ৫ বছৰত উত্তৰ-পূবত ৪১টা নতুন ৰে’ল ষ্টেশ্যন নিৰ্মাণ

March 19, 2020 6:28 pm · এন ই নাও নিউজ
Updated: March 19, 2020 6:31 pm
ফটো : ডিমাপুৰ ৰেল ষ্টেশ্যন

উত্তৰ-পূবত নতুন ৰে’ল লাইন নিৰ্মাণৰ সৈতে সংগতি ৰাখি ২০১৪ চনৰ পৰা যোৱা ৫ বছৰত অঞ্চলটোত ৪১টা নতুন ৰে’ল ষ্টেশ্যন নিৰ্মাণ কৰা হৈছে। দ’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এই কথা জানিবলৈ দিয়ে।

মঙলবাৰে ৰাজ্যসভাত মন্ত্ৰীজনে জনোৱা মতে ২০১৪-১৯ সময়ছোৱাত অঞ্চলটোৰ বাবে ২৩১ কিঃ মিঃ নতুন ৰে’ল লাইন নিৰ্মাণত অনুমোদন জনোৱা হয়।

আনহাতে ২০১৪-১৫ৰ পৰা ২০১৮-১৯ৰ সময়ছোৱাত অঞ্চলটোত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে ৩১৭৮ কিঃ মিঃ পথ নিৰ্মাণ কৰিছে বুলি তেওঁ সদৰী কৰে।

‘একেখিনি সময়তে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মূঠ ২২,৮৮২ কিঃ মিঃ আৰু সীমান্ত পথ সংস্থা (বি আৰ অ’)ৰ দ্বাৰা ৯৮৭ কিঃ মিঃ পথ নিৰ্মাণ কৰা হয়।‘ তেওঁ কয়।

দ’নাৰ মন্ত্ৰ্যালয়ৰ পুঁজিৰে ২০১৪ চনৰ পৰা এতিয়ালৈকে অসমকে ধৰি উত্তৰ-পূবৰ আন ৰাজ্য কেইখনত ৯৬টা পথ আৰু দলং নিৰ্মাণ প্ৰকল্পৰ কাম হাতত লোৱা হয়, ইয়াৰে ২১৭৪.৭০ কোটি টকা ব্যয়েৰে ৯০টা প্ৰকল্পপ কাম বৰ্তমান চলি আছে আৰু ১৩৯.৯০ কোটি টকা ব্যয়ৰ ৬টা প্ৰকল্পৰ কাম সমাপ্ত হৈছে।

ইফালে উত্তৰ-পূব পৰিষদ (এন ই চি)এ ২০১৪-১৫ৰ পৰা ১০১৮-১৯ৰ সময়ছোৱাত ৩৩টা পথ নিৰ্মাণ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে আৰু ১৭৬৮ কোটি টকা ব্যয়েৰে ১০৭৫ কিঃ মিঃ দৈৰ্ঘ্যৰ ২০টা প্ৰকল্পৰ কাম চলি আছে। তেওঁ জনায়।

Related News