NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগলৈ আইন মন্ত্ৰালয়ৰ ‘কৰ্তৃত্বসূচক’ পত্ৰক অগ্ৰহণীয় আখ্যা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তৰ

December 18, 2021 9:28 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 18, 2021 9:40 am

দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি আইন মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্তক উপস্থিত থাকিবলৈ আহ্বান জনোৱাৰ পিছতে এই কাৰ্যক অগ্ৰহণীয় আখ্যা দিয়ে পাঁচজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই।

নিৰ্বাচন আয়োগৰ মুৰব্বী আৰু প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ মাজত অনানুষ্ঠানিক আলোচনাই নিৰ্বাচন আয়োগৰ স্বাধীনতাৰ প্ৰতিচ্ছবি ক্ষয় কৰিব বুলি আশংকা প্ৰকাশ কৰে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত সকলে।

উল্লেখ্য যে আইন মন্ত্ৰালয়ৰ এজন বিষয়াৰ পৰা নিৰ্বাচন আয়োগে এখন পত্ৰ লাভ কৰিছিল আৰু পত্ৰখনত ‘প্ৰধান সচিব মিশ্ৰাই এক উমৈহতীয়া ভোটাৰ তালিকাৰ ওপৰত এখন সভাৰ সভাপতিত্ব কৰিব আৰু মুখ্য নিৰ্বাচন আয়ুক্ত উপস্থিত থাকিব বুলি আশা কৰে’ বুলি উল্লেখ কৰা হৈছে।

উক্ত পত্ৰখনক চমনৰ লগত তুলনা কৰি সাংবিধানিক নিয়ম উলংঘা কৰা হৈছে বুলি মন্তব্য কৰে এজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই।

এই কাৰ্যক ‘অত্যাচাৰমূলক’ বুলি অভিহিত কৰি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেইছিয়ে কয়, “এইয়া গ্ৰহণযোগ্য নহয়। চৰকাৰে ন্যায়িক সংস্কাৰৰ ওপৰত আলোচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ আন সকলো ন্যায়াধীশৰ সৈতে ভাৰতৰ মুখ্য ন্যায়াধীশক মাতিব নেকি? এই ক্ষেত্ৰত এইটোৱেই একমাত্ৰ উপমা প্ৰযোজ্য। তেন্তে নিৰ্বাচন আয়োগক এখন সভাৰ বাবে কিয় মাতিব? আনকি প্ৰধানমন্ত্ৰীয়েও বৈঠকৰ বাবে CEC ক মাতিব নোৱাৰে।”

২০০৪-২০০৫ চনৰ CEC টি এছ কৃষ্ণ মূৰ্তিয়ে কয়, “মই কেৱল এয়াই ক’ব পাৰোঁ যে নিৰ্বাচন আয়ুক্তসকলে ইয়াৰ সাংবিধানিক স্থিতিৰ প্ৰতি গুৰুত্ব দি বিষয়াসকলৰ দ্বাৰা আহ্বান কৰা কোনো সভাত উপস্থিত থকাৰ প্ৰয়োজন নাই।”

২০১৮ চনত CEC ৰ দায়িত্বত থকা অ’ ৰাৱাটে এই সন্দৰ্ভত কয়, “আমি নিৰ্বাচন আয়োগত থাকোতে এনে ঘটনা কেতিয়াও হোৱা নাছিল। কোনো মন্ত্ৰালয়ে এখন সভাৰ বিষয়ে অৱগত কৰি CEC ক উপস্থিত থাকিবলৈ কোৱা নাছিল। যেতিয়া চৰকাৰে এখন সভাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেওঁলোকৰ বিষয়াসকলে আহি আয়ুক্তসকলক তথ্যবোৰ বৰ্ণনা কৰিব।”

আন এজন প্ৰাক্তন CEC ৰ ভাষ্য অনুসৰি পূৰ্বেও সম্পূৰ্ণ আয়োগক চৰকাৰী সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু এনে সভাত কেতিয়াও উপস্থিত থকা নাই বুলি মন্তব্য কৰি তেওঁ এনে কাৰ্যক পৰিহাৰযোগ্য বুলি অভিহিত কৰে।

Related News