NORTHEAST NOW (Assamese)
Popular Stories

অসম বাজেট ২০২০-২১ Live Updates; প্ৰাদেশীকৰণ কৰা হ’ব ৰাজ্যৰ ৫,৬৫১ খন শিক্ষানুষ্ঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 4:44 pm

অসম বিধান সভাৰ মজিয়াত আজি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৮ চনলৈ সংশোধিত হোৱা ‘শিক্ষকৰ সেৱাৰ অসম শিক্ষা প্ৰাদেশীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন,২০১৭’ আইনৰ অধীনত ৰাজ্যৰ মুঠ ৫,৬৫১ খন শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ কৰা হ’ব বুলি ঘোষণা কৰে।

এই প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে বাজেটত ৩৭২ কোটি টকা ব্যয় নিৰ্দ্ধাৰণ কৰে।

এই শিক্ষানুষ্ঠান সমূহ প্ৰাদেশীকৰণৰ দ্বাৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত মুঠ ২০,২৮৮ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব।

বিত্ত মন্ত্ৰী গৰাকীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্যত ৩২ খন মহাবিদ্যালয়, ৩৫৮ খন হাইস্কুল, ১৫৪ খন জুনিয়ৰ কলেজ, ১১৪ খন হায়াৰ ছেকেণ্ডাৰী স্কুল, ২২৯৮ খন এম ই স্কুল আৰু ২৬৯৫ খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব।

বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ব্যয় কৰিব লাগিব বুলি উল্লেখ কৰি ৰাজ্যৰ জনসাধাৰণৰ মংগলৰ বাবে তেওঁলোকে সদায় কাম কৰি যোৱাৰ হকে প্ৰস্তু বুলি কয়।