NORTHEAST NOW (Assamese)
অসম

প্ৰতিবছৰে মাত্ৰ ৫ মাহৰ বাবে নিৰ্মাণ কৰা হয় বিশ্বৰ এইখন ব্যতিক্ৰমী হোটেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 4:51 pm
bcc5f1250aac460e0a23e984aa7b8f51

আমি এনে এখন হোটেলৰ বিষয়ে ক’বলৈ ওলাইছো যিখন প্ৰতিবছৰেই নিৰ্মাণ কৰা হয়। পৰৱৰ্তী বসন্তৰ পাছতেই হোটেলখন ভাঙি পেলোৱা হয়।

হয়, আপুনি জানি আচৰিত হ’ব, কিন্তু এই হোটেলখন আছে চুইডেনত।

সমগ্ৰ বিশ্বতে এই হোটেলখনক আইচ হোটেল (বৰফৰ হোটেল) বুলি জনা যায়।

চুইডেনৰ আই আইচ হোটেলখন প্ৰতিবছৰে শীতৰ সময়ছোৱাত মাত্ৰ পাঁচ মাহৰ বাবে নিৰ্মাণ কৰা হয় আৰু পাছত গলি যায়।

এই হোটেলখন নিৰ্মাণ কৰিবলৈ নদীৰ পৰা প্ৰায় ২৫০০ টন বৰফ সংগ্ৰহ কৰা হয় আৰু অক্টোবৰ মাহত ইয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।

সমগ্ৰ বিশ্বৰে শিল্পীসকলে আহি ইয়াত তেওঁলোকৰ শিল্পকলা প্ৰদৰ্শন কৰে।

প্ৰতিবছৰে হোটেলখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে।

পৰ্যটকৰ আহ-যাহলৈ লক্ষ্য ৰাখি হোটেলখনত কোঠালীবোৰ নিৰ্মাণ কৰা হয়।

এইবছৰ প্ৰায় ৩৫ টা কোঠালী নিৰ্মাণ কৰা হৈছে। কোঠালীৰ ভিতৰভাগৰ তাপমাত্ৰা হৈছে মাইনাছ পাঁচ ডিগ্ৰী চেলছিয়াছ।

এই ব্যতিক্ৰমী ধাৰাটোৰ বাবে প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ পৰ্যটক ইয়ালৈ আহে।