NORTHEAST NOW (Assamese)
Popular Stories

ছয়মাইল উৰণীয়া সেতুৰ তলৰ এখন পঢ়াশালি, এগৰাকী যুৱতী আৰু এজাক কণমানি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 8, 2020 9:05 pm

কিছুমান মানুহ ৰৈ যায়, কিছুমান মানুহ বৈ যায়। কিছুমান মানুহে কিবা এটা পোৱাৰ পাছত ৰৈ যায়। কিছুমানে একো নোপোৱাকৈয়ে চিৰদিনলৈ ৰৈ যায়। ৰৈ যোৱা কাহিনীবোৰ দুখৰ আৰু বৈ যোৱা কাহিনীবোৰ সাহসৰ। ৰৈ যোৱাৰ হাজাৰটা কাৰণ অজুহাত বাধা থাকে। কিন্তু মাত্ৰ মানৱীয় প্ৰমূল্যবোধৰ কাৰণৰ বাবেই কোনোবা ওৰে জীৱন বৈ থাকিব পাৰে হেৰাই যোৱা ভৱিষ্যতৰ মাজত, মানুহৰ মাজত, সমাজৰ মাজত। তেনে এগৰাকী যুৱতীয়েই হৈছে সোণালী গগৈ ।

সুখ বিচাৰি অতীতলৈ নাযাব,পুৰণি কথাই আঘাত দিব। ভৱিষ্যতলৈও নাযাব, মনটো আশংকাৰে ভৰি পৰিব। সুখ কেৱল বৰ্তমানতহে পাব সেই মুহূৰ্তটোকে প্ৰাণভৰি উপভোগ কৰক এই কথাষাৰ সৰোগত কৰি দুৰ্ভগীয়ালোকক সহায় কৰি আহিছে সোণালী গগৈয়ে।

গুৱাহাটীৰ ছয়মাইলৰ উৰণীয়া সেতুৰ তলত প্ৰায় এমাহ ধৰি এচাম শিশুক শিক্ষাৰ পোহৰ বিলাই আহিছে সোণালী গগৈয়ে।  শিক্ষাৰ পোহৰ নপৰা এইসকল শিশুৱে গচকি পোৱা নাই বিদ্যালয়ৰ বাৰাণ্ডা। বাটে-পথে বটল, খাদ্য বস্তু বুটলি ফুৰা এজাক কণমানি শিশুক যোৱা ১৪ ফেব্ৰুৱাৰি অৰ্থ্যাৎ প্ৰেমৰ দিনটোৰ পৰাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে শিক্ষা দান কৰি আহিছে সোণালীয়ে।

এক ক্ষুদ্ৰ ব্যৱসায় চলাই থকা সোণালী গগৈ সাহিত্য চৰ্চাৰ লগতো জড়িত।

অতি ব্যস্ততাৰ মাজতো সময় উলিয়াই মনত থকা হেপাহ পূৰণৰ উদ্দেশ্যে কণমানি সকলক পাঠদান কৰাত ব্যস্ত হৈ আছে সোণালী গগৈ।

ইপিনে, সোণালীৰ পাঠদান প্ৰক্ৰিয়াক লৈয়ো সন্তুষ্ট কণ কণ শিশুসকল। অ, আ, ক, খ একো নজনা শিশুসকলে এমাহৰ ভিতৰতে অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, ইংৰাজী বৰ্ণমালাকে ধৰি নিজৰ নাম ঠিকনা লিখিব পৰা হৈছে।

ইয়াৰোপৰি পঢ়া-শুনাৰ উপৰিও সুস্থ দেহ মন গঢ়ি তোলাৰ নিমিত্তে সোণালীয়ে ৰাতিপুৱা খেলা-ধূলা শৰীৰ চৰ্চাও কৰাই সোণালীয়ে।

নাৰী দিৱসৰ দিনটোত সোণালীৰ এই প্ৰয়াসৰ শলাগ নিশ্চয়কৈ ল’ব সকলোৱে। নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰাও সোণালীলৈ জনাইছো অলেখ শুভকামনা। প্ৰত্যেকগৰাকী নাৰীৰ বাবে আদৰ্শ হৈ ৰওঁক সোণালী।