NORTHEAST NOW (Assamese)
Popular Stories

কৃষ্ণাইত ভয়ংকৰ অগ্নিকাণ্ড; বাইক গেৰেজসহ তিনিখন দোকান ভস্মীভূত

Posted by: নীলমনি শৰ্মা Updated by: নীলমনি শৰ্মা March 12, 2020 7:32 am

গোৱালপাৰ জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত জ্যোতি নগৰত বুধবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত তিনিখন দোকান জ্বলি ভস্মীভূত হয়।

জানিব পৰা মতে মইতৰ আলী নামৰ লোকজনৰ বাইকৰ গেৰেজৰ পৰা সূত্ৰপাত জুইয়ে এই অগ্নিকাণ্ডৰ সৃষ্টি কৰে। শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিতে হোৱা বুলি স্থানিয় লোকে অনুমান কৰিছে।

অগ্নিকাণ্ডৰ জুইয়ে গেৰেজটোৰ লগতে এখন তামোল-পানৰ দোকান আৰু এখন টায়াৰ দোকান সম্পূৰ্ণৰূপে গ্ৰাহ কৰি পেলায় ফলত লক্ষ্যাধিক টকাৰ সা-সামগ্ৰি ক্ষতি হোৱাৰ লগতে বাইকৰ গেৰেজত থকা কেইবাখনো পুৰণি বাইক জ্বলি চাই হৈ যায়।

স্থানীয় ৰাইজে ততালিকে কৃষ্ণাই আৰক্ষীক অগ্নিকাণ্ডৰ খবৰ দিয়াত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইফালে কৃষ্ণাইত আজি পৰ্যন্ত অগ্নি নিৰ্বাপক বাহিনীৰ এটা কেন্দ্ৰ স্থাপন নোহোৱাত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে।