NORTHEAST NOW (Assamese)
অসম

বোকাখাতত যুৱকক কৰায়ত্ত, ড্ৰাগছ জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 12, 2020 7:40 pm
Youth arrested, drugs seized in Bokakhat

বোকাখাত আৰক্ষীৰ যান বাহন শাখাই বৃহস্পতিবাৰে তিনিজন যুৱকক কৰায়ত্ত কৰাৰ লগতে ড্ৰাগছ জব্দ কৰিছে।

ধৃত যুৱক তিনিজন হৈছে দীপজ্যোতি দলে, সুৰজিত দাস আৰু মহেন্দ্ৰ কুটুম।

আৰক্ষীৰ ভাষ্য মতে, গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত বেটাৰী ৰিক্সাৰ চালক দীপজ্যোতি দলেৰ পৰা তেওঁলোকে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে৷

বেটাৰী ৰিক্সা চালক দীপজ্যোতি দলে ওৰফে মাফিয়া দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত।

ধৃত দীপজ্যোতি দলেৰ স্বীকাৰোক্তিৰ আধাৰত আৰক্ষীয়ে বোকাখাতৰ ক’লাখোৱাৰ পৰা সুৰজিত দাসক আটক কৰাৰ লগতে ড্ৰাগছৰ বটল আৰু চিৰিঞ্জো জব্দ কৰে৷

পিছত আৰক্ষীয়ে মহেন্দ্ৰ কুটুম নামৰ আন এজন যুৱককো সোধপোচৰ বাবে বোকাখাত আৰক্ষী থানালৈ আনে৷

দীপজ্যোতি দলেৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাতৰ যানবাহন শাখাৰ তদন্তকাৰী বিষয়া গোবিন কাকতীয়ে ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সন্ধানত বোকাখাত, নুমলীগড় আৰু বগীজানলৈকে অভিযান চলায়।

কিন্তু, ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সদস্যসকল পলায়ন কৰে৷

বোকাখাতৰ এই ড্ৰাগছ সৰবৰাহকাৰীসকলৰ লগত এটা অতি শক্তিশালী চক্ৰ জড়িত আছে আৰু চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।