NORTHEAST NOW (Assamese)
Popular Stories

হাগ্ৰামাৰ নেতৃত্বতেই গঠন হ’ব বিটিচি পৰিষদ : চণ্ডী বসুমতাৰী

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 15, 2020 11:08 am

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ মহকুমাৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈ অহা ২৮ নম্বৰ গয়বাৰী সমষ্টিত প্ৰাৰ্থী হিচাপে বিপিএফ দলে প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক প্ৰক্ষেপ কৰিছে।

বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। ২৮ নম্বৰ গয়বাৰী সমষ্টিত তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বিপিএফ নেতা চণ্ডী বসুমতাৰীক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে বসুমতাৰীক বিপুলভাৱে আদৰণি জনায়।

সংবাদ মাধ্যমৰ আগত বসুমতাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁক সমষ্টিটোত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কৃতজ্ঞতা জনাই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয় যে বিটিচিৰ ডাঙৰ ডাঙৰ নেতাই সমষ্টিটোত প্ৰতিদ্বন্দীতা আগবঢ়ালেও তেওঁক কোনেও ৰোধ কৰিব নোৱাৰে।

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন হোৱাৰ পিছত ৰাস্তা-ঘাট, স্বাস্থ্যখণ্ড, কৃষিখণ্ডত আমূল পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰি ৰাইজে বিপিএফ দলক আঁকোৱালি ল’ব আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই বিটিচি পৰিষদ গঠন কৰা হ’ব বুলিও তেওঁ কয়।