NORTHEAST NOW (Assamese)
অসম

ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ বাবে শুৱালকুছিত ক্ৰীড়া একাডেমী শুভাৰম্ভ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা March 17, 2020 3:03 pm
Sports Academy

ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন ধাৰা সৃষ্টিৰ লগতে সুপ্ত প্ৰতিভা সমূহক জগাই তোলাৰ লক্ষ্যৰে স্পোৰ্টছ একাডেমী অৱ্ শুৱালকুছি নামৰ এক ক্ৰীড়া প্ৰতিষ্ঠানৰ শুভাৰম্ভনি কৰা হয়।

শুৱালকুছি এচিচি খেলপথাৰত অনুস্থিত হোৱা  শুভাৰম্ভণি অনুষ্ঠানত  সভাপতিত্ব কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই।

শুৱালকুছিৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰামচৰণ বৈশ্যৰ স্মৃতিত মুকলি কৰা ক্ৰীড়া একাডেমীখনৰ উদ্বোধনী অনুষ্ঠানত  যুৱনেতা তথা সমাজকৰ্মী হেমন্ত কলিতাই বন্তি প্ৰজ্বলন কৰাৰ লগতেই প্ৰয়াত বৈশ্যৰ প্ৰতিচ্ছবিত সমূহীয়া ভাৱে শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়।

সভাত গুৱাহাটী আইআইটিৰ ক্ৰীড়া বিষয়া ড০ দিগন্ত শইকীয়াই উদ্বোধক হিচাপে উপস্থিত থকাৰ লগতে সদৌ অসম শাৰীৰিক শিক্ষা ক্ৰীড়া শিক্ষিত সংস্থাৰ সভাপতি ৰঞ্জুমণি দাস,  সম্পাদক মৃগাংক জ্যোতি  ডেকা, মুখপাত্ৰ পলাশজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

আনহাতে, অনুষ্ঠানতে খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰি শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী খেলুৱৈ ক্ৰমে মধুমিতা বৈশ্য আৰু সঞ্জয় দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইপিনে, একাডেমীৰৰ   ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কণ্ঠশিল্পী জ্যোতিপল দাস, মনোজ দাস, হিৰকজ্যোতি কলিতাই গীত পৰিবেশন কৰাৰ লগতে নিকিতা বৈশ্যৰ দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

আনহাতে, শুৱালকুছি TICS-ৰ সঞ্চালক সঞ্জয় নাথে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।

একাডেমীখনত ফুটবল, ভলীবল, এথলেটিকছ, হেণ্ডবলষ, বেডমিণ্টন আৰু হকী খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিব উদ্যোক্তা সকলে।