NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ পূৰ্বে বিপিএফ এৰি বিজেপিত যোগদান বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেৱেন বড়োৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 17, 2020 6:52 pm
Deben Boro

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত  বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ২৮ নং গয়বাৰী সমষ্টিৰ পৰিষদীয় সদস্য দেৱেন বড়োৱে আজি বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।

উল্লেখযোগ্য যে, দেৱেন বড়ো গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা বিগত দহ বছৰ ধৰি এম চি এল এ হিচাপে আৰু আঠ বছৰে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি আছিল।

মঙলবাৰে হঠাৎ বড়োৱে শতাধিক অনুগামী সহ বিপিএফ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰে।

তেওঁ গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা সহ কেইবাজনো বিজেপি নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

বিজেপি দলত যোগদান কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বড়োৱে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈয়ে বিজেপিত যোগদান কৰে বুলি কয়।

আনহাতে, অনাগত দিনত গেৰুৱা দলটোৰ লগত থাকি ৰাইজৰ হকে কাম কৰি যাব বুলিও দেবেন বড়োৱে লগতে কয়।

দেবেন বড়োৰ বিজেপি গমনে তামুলপুৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

উল্লেখযোগ্য যে, কেইমাহমান পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দেবেন বড়োৰ কাৰ্যবাহী সদস্য পদ খৰিজ কৰিছিল।

আজি দেবেন বড়োই বিজেপি দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।