NORTHEAST NOW (Assamese)
Popular Stories

গুৰুতৰ অভিযোগ : বিহাৰৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 2:19 pm
Chinese President Xi Jinping in Wuhan

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ভাৰতত থকা চীনা ৰাষ্ট্ৰদূত ছুন য়ুইদঙৰ বিৰুদ্ধে সোমবাৰে বিহাৰৰ মুজাফৰপুৰ আদালতত অধিবক্তা সুধীৰ কুমাৰ ওঝাই এটা অভিযোগ দাখিল কৰে।

ওঝাই দুয়োৰে বিৰুদ্ধে ‘ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ষড়যন্ত্ৰ ৰচা’ বুলি অভিযোগ উত্থাপন কৰিছে।

অধিবক্তাজনে উত্থাপন কৰা এই গুৰুতৰ অভিযোগৰ শুনানিৰ দিন অহা ১১ এপ্ৰিল ধাৰ্য কৰা হৈছে। শুনানি হ’ব চি জে এম আদালতত।

উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো এই ভাইৰাছবিধে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতেই অধিবক্তাজনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

অভিযোগ দাখিল সন্দৰ্ভত ওঝাই কয়, ‘১৯৮১ চনত লিখা এখন কিতাপত স্পষ্ট ৰূপত কোৱা হৈছে যে চীনৰ য়ুহানত গোপনে এটা ভাইৰাছ প্ৰস্তুত কৰি আছে আৰু যিটো আজি ক’ৰ’না ভাইৰাছৰূপে প্ৰকট হৈছে’।

তেওঁ লগতে কয়, ‘চীনে জানি বুজি এই ভাইৰাছবিধৰ সংক্ৰমণৰ চক্ৰান্ত ৰচাত বহু মানুহ ইয়াৰ কৱলত পৰাৰ লগতে মৃত্যুমুখতো পৰিছে। সেয়ে মই ধাৰা ১২০ (বি) আৰু ২৭০ ৰ অধীনত দুয়োৰে বিৰুদ্ধে এই গোচৰ দাখিল কৰিছো। আদালতে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ শুনানিৰ বাবে ১১ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা হৈছে’।

উল্লেখ্য যে সৰ্বপ্ৰথম যোৱা বছৰ ডিচেম্বৰ মাহত চীনৰ য়ুহান নগৰৰ পৰা সংক্ৰমিত হোৱা ক’ৰ’না ভাইৰাছে সম্প্ৰতি ১০০ৰো অধিক দেশলৈ বিয়পিছে। এই ভাইৰাছবিধৰ ফলত প্ৰায় ডেৰ লাখ লোক আক্ৰান্ত হৈছে।