NORTHEAST NOW (Assamese)
Popular Stories

মহামাৰী ক’ৰ’না; মূঠ ৮,২৭২ গৰাকীৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা ১,১৬,৯৯৮লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 9:13 pm
coronavirus-750x375

মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছত সমগ্ৰ বিশ্বত বৰ্তমান ১,১৬,৯৯৮ জন আক্ৰান্ত ব্যক্তি আছে, ইয়াৰে ৬,৪৩৭ জন লোকৰ অৱস্থা উদ্বেগজনক। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৮,২৭২।

ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে।

উক্ত ১৫১ গৰাকী ব্যক্তিৰ ১২৬ গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে ২৫ গৰাকী বিদেশী নাগৰিক।

এতিয়ালৈকে মহাৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা দেশৰ বিতৰত সৰ্বাধিক। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৪২জন।

ইয়াৰ পিছতে কেৰালাত ২৭ গৰাকী, উত্তৰ প্ৰদেশত ১৬ গৰাকী, কৰ্ণাটকত ১১ গৰাকী আৰু দিল্লীত ১০ গৰাকী ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

আক্ৰান্ত ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা ৫৭০০ গৰাকীতকৈ অধিক ব্যক্তিক বৰ্তমান নিৰীক্ষণত ৰখা হৈছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ।

চৰকাৰী তথ্য মতে বৰ্তমানলৈকে মূঠ ১৪ গৰাকী লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ইয়াৰ ভিতৰত যোৱা মাহত হস্পিটেলৰ পৰা যাবলৈ দিয়া কেৰালাৰ ৩ গৰাকী লোকো আছে।

ভাৰত চৰকাৰে সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ৩১ মাৰ্চলৈকে আফগানিস্তান, ফিলিপাইনছ, মালেছিয়া, টুৰ্কী, য়ুৰোপিয়ান য়ুনিয়ন আৰু বৃটেইনৰ পৰা অহা লোকৰ ভাৰতত প্ৰৱেশ বন্ধ কৰিছে।