NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তি নুমুৱা বুলি ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 21, 2020 7:46 am
Image

যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তি নুমোৱাক লৈ শুকুৰবাৰে বিয়লিৰ পৰা ছ’চিয়েল মিডিয়াত চলা একধৰণৰ অপপ্ৰচাৰে সবত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কিন্তু, বৰ্তমানেও ঢেকীয়াখোৱা বৰনামঘৰৰ মনিকূটত অবিৰতভাবে অক্ষয় বন্তিগছিয়ে পোহৰ বিলাই আছে।

ঢেঁকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে অক্ষয় বন্তিগছি নুমোৱা বুলি ছ’চিয়েল মিডিয়াত  চলোৱা অপপ্ৰচাৰক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু ৰাইজক উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছে বৰ্তমান সময়ত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত এনেধৰণৰ উৰা বাতৰিয়ে ৰাইজৰ মনত অধিক শংকাৰ জন্ম দি পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে এগৰাকী স্থানীয় নাগৰিয়ে মত ব্যক্ত কৰে।