NORTHEAST NOW (Assamese)
অসম

হেণ্ড চেনিটাইজাৰেৰে ৰে’লৰ চীট পৰিষ্কাৰ কৰি কি অনুৰোধ জনালে অভিনেত্ৰী ৰবীনা টেণ্ডনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 12:12 pm
Raveena

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে শুকুৰবাৰে কৰ’না ভাইৰাছ সম্বন্ধে লোকক সজাগ কৰাৰ বাবে নিজৰ ইষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

ভিডিঅ’টোত ৰবীনা টেণ্ডনক হেণ্ড চেনিটাইজাৰৰ সহায়েৰে ৰে’লৰ চীট পৰিষ্কাৰ কৰি থকা দেখা গৈছে।

‘‘ক্ষমা বিচৰাতকৈ সুৰক্ষিত থাকক। অতি প্ৰয়োজনতহে ভ্ৰমণ কৰক….অনুগ্ৰহ কৰি পূৰ্ব সজাগতা গ্ৰহণ কৰি নিজক সুৰক্ষিত ৰখাৰ লগতে আৰু আনকো সুৰক্ষিত ৰাখক,’’ ৰবীনা টেণ্ডনে লিখে।

এটা বিশেষ প্ৰকল্পৰ কামত ৰবীনা টেণ্ডনে বিগত সপ্তাহত ভ্ৰমণ কৰিছিল।

উল্লেখযোগ্য যে, আজি ভাৰতবৰ্ষত কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ২৫৮ গৰাকীলৈ বৃদ্ধি পাইছে।

প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনবোৰ ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।