NORTHEAST NOW (Assamese)
অসম

মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ হ’ব বাতৰিকাকত বিতৰণ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 23, 2020 4:42 pm
ahjasja

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰীত বাতৰিকাকত বিতৰণ বন্ধ হৈ পৰিব।

কাইলৈ অৰ্থাৎ ২৪ মাৰ্চৰ পৰা অহা ৩১ মাৰ্চ পৰ্যন্ত বাতৰি কাকত বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাই।

সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপক কলিতাই জনোৱা অনুসৰি হকাৰ আৰু গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২৪ মাৰ্চৰ পৰা অহা ৩১ মাৰ্চ পৰ্যন্ত বাতৰি কাকত বিতৰণৰ পৰা বিৰত থাকিব।

ইফালে ২৪ মাৰ্চ অৰ্থাৎ মঙলবাৰৰ পৰা পাঁচদিনৰ কাৰণে ৰাজ্য চৰকাৰে অসমক সম্পূৰ্ণৰূপে লক ডাউন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে সন্ধিয়া ৫ বজাতহে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়া স্পষ্ট হৈ পৰিব।