NORTHEAST NOW (Assamese)
অসম

বিশ্বজুৰি ক’ৰ’নাৰ সংহাৰ; ২০২১ লৈ সাময়িকভাৱে পিছুৱাই দিয়া হ’ল টকিঅ’ অলিম্পিক-২০২০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 7:25 pm
Olimpic

ক’ৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি টকিঅ’ অলিম্পিক-২০২০ এবছৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

জাপানৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা এই ঘোষণা কৰা হয়।

জাপানৰ প্ৰধান মন্ত্ৰী চিনজো আবে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাছ বাচে টেলিফোনিক বাৰ্তালাপৰ পাছতে অলিম্পিক সম্পূৰ্ণৰূপে বাতিল কৰাৰ পৰিৱৰ্তে সাময়িকভাৱে এবছৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।

‘‘২০২১ বৰ্ষৰ গ্ৰীষ্মত অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব,’’ জাপানৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা টুইট কৰি জনোৱা হয়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মুঠ ১৭,১৭৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৪ লাখ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ভাৰততো ক’ৰ’না ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ১০ গৰাকী লোকৰ জীৱন কাঢ়ি নিছে।