NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাক ‘চীনা ভাইৰাছ’ বুলি নকবলৈ ভাৰতক অনুৰোধ চীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 3:07 pm
Corona

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে এক সাক্ষাৎকাৰত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক ক’ৰ’না ভাইৰাছক চীনা ভাইৰাছ বুলি আমেৰিকাকে ধৰি কিছু সংখ্যক দেশে উল্লেখ কৰা সংকীৰ্ণ মানসিকতাৰ বিৰোধ কৰিবলৈ অনুৰোধ জনায়।

চীনৰ য়ুহান প্ৰদেশত প্ৰথম ক’ৰ’না ভাইৰাছৰ আবিৰ্ভাৱ হোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোভিদ-১৯-ক চীনা ভাইৰাছ আখ্যা দিয়াৰ পৰৱৰ্তী সময়ত চীনে এই অপবাদৰ পৰা মুক্ত হ’বলৈ কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, চীনৰ য়ুহান প্ৰদেশত প্ৰথম আবিৰ্ভাৱ হোৱা ক’ৰ’না ভাইৰাছৰ ফলত দেশখনত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ পাছত ভয়াবহ ভাইৰাছ বিধ বিভিন্ন দেশলৈ বিয়পি পৰে।

পৰৱৰ্তী সময়ত ইটালীত ক’ৰ’না ভাইৰাছে সকলোতকৈ ভয়াবহ ৰূপ ধাৰণ কৰি মৃত্যু হোৱা লোকৰ সংখ্যাৰে চীনকো অতিক্ৰম কৰি ছয় সহস্ৰাধিকৰ ঘৰ স্পৰ্শ কৰে।

ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ১১ গৰাকী লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।