NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব তেলেংগানা চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 8:05 am
249b5cd22c6f096dce426af6e1da6059

কৰ’না ভাইৰাছ মহামাৰীৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ সকলো পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীৰে বৃহৎ পৰিমানৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত  তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে ঘোষণা কৰিছে।

তেলেংগানা ভৱনত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পাছত কে চি আৰে কয়,’’কৰ’না ভাইৰাছে ৰাজ্যখনৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। সেয়েহে ৰাজ্য চৰকাৰে সকলো ভাৱি চিন্তি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতি সন্দৰ্ভত প্ৰগতি ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু বিভিন্ন দৰমহা আদায়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।‘’

সিদ্ধান্ত অনুসৰি, মুখ্য মন্ত্ৰী, কেবিনেট মন্ত্ৰী, বিধায়ক, এম এল চি, ৰাজ্যিক নিগমৰ অধ্যক্ষসকল আৰু স্থানীয় নিকায়সমূহৰ প্ৰতিনিধিসকলে ৭৫ শতাংশ দৰমহা গ্ৰহণ কৰিব।

আই এ এছ, আই পি এছ আৰু আই এফ এছ কেডাৰকে ধৰি ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ ৬০শতাংশ দৰমহা কৰ্তন হ’ব। বাকী সকলো ৰাজ্যিক পৰ্যায়ৰ বিষয়াৰ ৫০ শতাংশ দৰমহা কৰ্তন হ’ব।

আনহাতে, চতুৰ্থ শ্ৰেণী আৰু চুক্তিভিত্তিক কৰ্মচাৰীৰ ১০ শতাংশ দৰমহা কৰ্তন কৰা হ’ব। সকলো পৰ্যায়ৰ পেঞ্চনধাৰীয়ে ৫০ শতাংশ ধন লাভ কৰিব।

চৰকাৰী অনুদান লাভ কৰা সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰো এমাহৰ বাবে দৰমহাৰ পৰা কৰ্তন কৰা হ’ব।

ৰাজ্যখনত দৰমহাৰ বাবদ মাহিলী প্ৰায় ৩,৫০০ কোটি টকা ব্যয় হয়। এই দৰমহা কৰ্তনৰ ফলত চৰকাৰে প্ৰায় ২০০০ কোটি টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে।