NORTHEAST NOW (Assamese)
অসম

টীয়কৰ বাপ্তিচ গীৰ্জা ঘৰৰ অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য প্ৰদান

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 6, 2020 4:02 pm
f5883b52-bd47-4359-bd3b-6420e8dcc8cb

আজি যোৰহাট জিলাৰ টীয়ক নগৰৰ চেলেংহাট তিনিআলিস্থিত টীয়ক বাপ্তিচ গীৰ্জা ঘৰৰ ৰাইজৰ অনুদানেৰে গঠিত গীৰ্জাৰ পুঁজিৰ পৰা অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৪০,০০০/-(চল্লিশ হাজাৰ) টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

বাপ্তিচ গীৰ্জা ঘৰৰ হৈ ব্ৰেজেল ভকলিন আৰু ৰাজীৱ হ’ৱে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশী দুৱৰাৰ হাতত আনুষ্ঠানিকভাৱে উক্ত ধনৰাশিৰ চেক অৰ্পণ কৰে।

টীয়ক বাপ্তিচ গীৰ্জা ঘৰৰ অন্তৰ্গত ৰাইজে অতি সোনকালে ক’ৰ’ণাৰ পৰা সমগ্ৰ দেশবাসীক ৰক্ষা কৰিবলৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছে

বিশ্বৰ সৰ্বত্তে ক’ৰ’না ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সমান্তৰালভাৱে অসমতো এই পৰ্যন্ত ২৬ জন ব্যক্তিৰ দেহত COVID-19 ধৰা পৰিছে আৰু সমগ্ৰ অসমতে এতিয়া আতংকই বিৰাজ কৰিছে।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দেশৰ নাগৰিক সকলক  এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক  সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। সেই আহ্বান মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ সদাশয় ব্যক্তি তথা অনুষ্ঠানে সাধ্য অনুসৰি আৰ্থিক অনুদান আগবঢ়াইছে।