NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত ৰাইজৰ হাতত কৰায়ত্ত চোৰাংচিকাৰী, বন্দুক-গুলী জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 6, 2020 7:50 pm
Poacher arrested at Kath Sapori in Golaghat district

গোলাঘাট জিলাৰ কাঠ চাপৰিত স্থানীয় ৰাইজে সোমবাৰে এজন চোৰাংচিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কাঠ চাপৰিত সমীৰ বৰুৱাচুক, কাঁচিকটা আৰু লহৰে চাপৰিৰ ৰাইজে চোৰাংচিকাৰীটোক কৰায়ত্ত কৰিছে৷

কৰায়ত্ত কৰা চোৰাংচিকাৰীজনক অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ গাগন ইক’ বুলি চিনাক্ত কৰা হৈছে।

চোৰাংচিকাৰী দলটোৰ আন দুজন পলাই যাবলৈ সক্ষম হৈছে।

চোৰাংচিকাৰীজনৰ পৰা দুটা দুনলীয়া বন্দুকৰ লগতে কেইবাজাঁয়ো সক্ৰিয় গুলী জব্দ কৰা হৈছে।

চোৰাংচিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা ২৪ ফেব্ৰুৱাৰিত ওলাই যোৱা এটা গঁড়ক হত্যাৰ পৰিকল্পনা কৰিছিল৷

গঁড়টো মাজুলীৰ চাপৰিৰ পৰা উভটি আহি পুৱা কাঠ চাপৰিত বিচৰণ কৰি থকা অৱস্থাত হত্যাৰ চেষ্টা চলাওঁতেই স্থানীয় লোকে চোৰাংচিকাৰী দলটোক খেদি যায়৷

ৰাইজে ধৃত চোৰাংচিকাৰীটোক অস্ত্ৰসহ কমাৰগাঁৱৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে৷

জানিব পৰা মতে দুমাহ ধৰি কাঁচিকটা চাপৰিতে চোৰাংচিকাৰীটো বাহৰ পাতি আছিল৷

গঁড়টোৰ সুৰক্ষাৰ বাবে বিগত এটা মাহেই দিন-ৰাতি একাকাৰ কৰি ব্যস্ত আছিল কাজিৰঙা, গোলাঘাট,যোৰহাট, বিশ্বনাথ আৰু মাজুলী বন সংমণ্ডলৰ বনকৰ্মীসকল৷