NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত দ্বিতীয় গৰাকী ব্যক্তি ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 8:39 pm
images.jpeg-2(1)

শুকুৰবাৰে ত্ৰিপুৰাত দ্বিতীয় গৰাকী ক’ৰ’না পজিটিভি ৰোগী ধৰা পৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই সম্পৰ্কে টুইটাৰত উল্লেখ কৰি আক্ৰান্ত ৰোগী গৰাকী মধ্য প্ৰদেশৰ ৩২ বছৰীয়া এগৰাকী ব্যক্তি বুলি জানিবলৈ দিয়ে।

নৰ্থ ত্ৰিপুৰাত বাস কৰা লোক গৰাকীয়ে ত্ৰিপুৰাৰ প্ৰথম গৰাকী কোভিদ-১৯ ৰোগীৰ লগত একেলগে একেখন ৰে’লগাড়ীত ভ্ৰমণ কৰিছিল বুলি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে উল্লেখ কৰে।

‘’এলাৰ্ট! ত্ৰিপুৰাত আৰু এগৰাকী কোভিদ-১৯ প’জিটিভ ৰোগী ধৰাত পৰিছে। ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা হয় দুগৰাকী,’’ মুখ্য মন্ত্ৰী দেৱে টুইটাৰত এইদৰে লিখে।

আনহাতে, ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পোৱাৰ পাছত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনসাধাৰণক সতৰ্ক হৈ ঘৰত থাকিবলৈ অনুৰোধ জনাই চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ বাবে কয়।

উল্লেখযোগ্য যে, ৬ এপ্ৰিলত ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি ধৰা পৰিছিল।