NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; দেশত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হ’ব নে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 3:05 pm
NKV-NARENDRAMODI-750x375

কাইলৈ দেশবাসীক সম্বোধন কৰিবৱ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কাইলৈ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটাৰ একাউন্টত টুইট কৰিছে।

ক’ৰ’নাতংকৰ বাবে দেশত ল’কডাউন অব্যাহত থকাৰ মাজত এয়া হ’ব মোদীৰ দেশবাসীক তৃতীয়টো সম্বোধন।

উল্লেখ্য যে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ কাইলৈ অন্ত পৰাৰ কথা আছিল।

কিন্তু যোৱা ১১ এপ্ৰিলত দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীৰ এক বৈঠক অনুষ্ঠিত হৈছিল।

উক্ত বৈঠকত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে দেশত ল’কডাউনৰ ম্যাদ আৰু দুটা সপ্তাহ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।

উক্ত বৈঠকৰ পাছত দেশত অহা ৩০ এপ্ৰিললৈকে ল’কডাউন বৃদ্ধি কৰা বুলি দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে টুইট কৰিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অদ্যপি ঘোষণা কৰা নাই।

কাইলৈ ল’কডাউনৰ প্ৰথম পৰ্যায়ৰ ২১ দিন অন্ত পৰাৰ উপলক্ষ্যে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’কডাউনৰ ম্যাদ বৃদ্ধি কৰা বা নকৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বুলি আশা কৰা হৈছে।

অৱশ্যে প্ৰধানমন্ত্ৰীয়ে অহা ৩০ এপ্ৰিললৈকে ল’কডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।