NORTHEAST NOW (Assamese)
Popular Stories

বিস্তৃত ৰূপত জানক কেন্দ্ৰই জাৰি কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ নীতি-নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 12:10 pm
RTX7CQHV-770x433

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে পুনৰ ৩ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল। এই সময়চোৱাত কেনেধৰণৰ নিয়ম আৰু নীতিৰে কাম-কাজ চলিব সেই বিষয়ে আজি গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

আজি গৃহ মন্ত্ৰ্যালয়ে প্ৰতিখন ৰাজ্যৰে মুখ্য সচিব আৰু প্ৰশাসনিক বিষয়াসকললৈ প্ৰেৰণ কৰা নিৰ্দেশনাত কৃষি খণ্ডক ৰেহাই দিয়াৰ বিপৰীতে বাছ-মেট্ৰ’ সেৱাৰ লগতে স্কুল-কলেজ বন্ধ থাকিব বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰই জাৰি কৰা গাইডলাইনত কি আছে তলত উল্লেখ কৰা হ’ল

উদ্যোগিক খণ্ড আৰু সকলো প্ৰকাৰৰ পৰিবহন সেৱা বন্ধ থাকিব।

বিয়াৰ অনুষ্ঠান, জিম আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব।

ইয়াৰ উপৰি ৰাজনৈতিক সমাৰোহ আৰু কোনো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজনত কৰিব নোৱাৰিব।

আনহাতে আজি প্ৰকাশ কৰা গাইডলাইনত প্ৰত্যেকগৰাকী লোকে মাস্ক পিন্ধাটো জৰুৰী কৰে।

খেতিয়কসকলক ৰেহাই

অহা ৩ মে’লৈকে বৃদ্ধি কৰা লকডাউনৰ সময়ত কৃষিকাৰ্যত জৰিত সকলোধৰণৰ কাম-কাজ কৰিব পাৰিব বুলি কোৱা হয়।

কৃষি কৰ্মৰ সৈতে জৰিত সকলো ধৰণৰ দোকান-পোহাৰ খোলা থাকিব বুলিও জনায়।

আনহাতে চিনেমা হল, শ্বপিং মল, ছুইমিং পুল, বাৰ আদি ৩ মে’লৈকে বন্ধ থাকিব।

তদুপৰি বন্ধ থাকিব শৈক্ষিক প্ৰতিষ্ঠান, প্ৰশিক্ষণ কেন্দ্ৰ, ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেইল সেৱা।

ইয়াৰ উপৰি যিকোনো অন্তিম সৎকাৰৰ সময়ত ২০ জনৰ অধিক লোক সমবেত হ’ব নোৱাৰিব।

উল্লেখ্য যে, ২০ এপ্ৰিলৰ পিছতহে দেশৰ বিভিন্ন অঞ্চলত কিছু কিছু ক্ষেত্ৰত পৰ্যায়ক্ৰমে ৰেহাই দিয়াৰ সম্ভাৱনা আছে।