NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: ৰেডৰ পৰা অৰেঞ্জ জ’নত প্ৰৱেশ উত্তৰ-পূবৰ দুই জিলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 10:23 pm
1537 persons cured of COVID-19 in Assam

ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত উত্তৰ-পূবৰ দুখন জিলাই ৰেড জ’নৰ পৰা অৰেঞ্জ জ’নত প্ৰৱেশ কৰিছে।

জিলা দুখন হৈছে মণিপুৰৰ ইম্ফাল ৱেষ্ট আৰু মিজোৰামৰ আইজল ৱেষ্ট।

অৰেঞ্জ জ’নৰ অৰ্থ হৈছে যোৱা ১৪ দিনত দুয়োখন জিলাতে কোনো ক’ভিড-১৯ পজিটিভ ঘটনা পোহৰলৈ অহা নাই।

আৰু ১৪ দিনত কোনো ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত নহ’লে জিলা দুখন গ্ৰীন জ’নত প্ৰৱেশ কৰিব।

তেতিয়া জিলা দুখনক ক’ভিড সংক্ৰমণ মুক্ত অঞ্চলৰূপে ঘোষণা কৰা হ’ব।

উত্তৰ-পূবৰ এই দুই জিলাৰ লগতে দেশৰ ১৭খন ৰাজ্যৰ ২৭খন জিলা অৰেঞ্জ জ’নত প্ৰৱেশ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই এই তথ্য সদৰী কৰিছে।

আনহাতে কৰ’নাভাইৰাছ মহামাৰীৰ সময়ত স্বাস্থ্য ব্যৱস্থাটোৰ অভূতপূৰ্ব চাহিদাৰ মোকাবিলা কৰাৰ বাবে অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাসমূহ সক্ষম কৰি ৰখাৰ বাবে মন্ত্ৰ্যালয়ে ৰাজ্য/ কেন্দ্ৰীয় শাসিত এলেকাসমূহলৈ বিস্তাৰিত নিৰ্দেশনা প্ৰেৰণ কৰিছে।

এই সেৱাসমূহৰ ভিতৰত আছে প্ৰসূতি শিশু স্বাস্থ্য, সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা, জটিলতা এৰাই চলাৰ বাবে আৰু জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰাৰ বাবে ক্ৰ’নিক ৰোগসমূহৰ চিকিৎসা।

ক’ভিড-১৯ উৎসৰ্গিত ব্যৱস্থাসমূহৰ বাহিৰেও বাকী ব্যৱস্থাসমূহেও লাভৰ বাবে নোহোৱা সংস্থা আৰু ব্যক্তিগত খণ্ডৰ সহায়ত বাকী সেৱাসমূহ যোগান অব্যাহত ৰাখিব লাগে।

অধিক লোকৰ সমাৱেশ ৰোধাৰ বাবে টেলি স্বাস্থ্য সেৱা প্ৰসাৰ কৰা উচিত বুলিও কোৱা হৈছে।

বৃ্হস্পতিবাৰলৈকে দেশত ১২৩৮০গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে আৰু এই ৰোগত ৪১৪জনে প্ৰাণ হেৰুৱাইছে।

এতইয়ালৈকে ১৪৮৯ গৰাকী লোক চিকিৎসাৰ পিছত সুস্থ হৈছে আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।

ভাৰতত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ৩.৩ শতাংশ। ইয়াৰ বিপৰীতে এতিয়ালৈকে আৰোগ্যৰ হাৰ ১২.০২ শতাংশ।