NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত কুম্ভীৰে পাৰিলে কণী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2020 1:48 pm
WhatsApp Image 2020-04-17 at 1.08.32 PM নতুন

অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসত প্ৰথমবাৰলৈ কুম্ভীৰে পাৰিলে কণী। লকডাউন চলি থকাৰ মাজতে শুকুৰবাৰে এই ঘটনা পোহৰলৈ আহে।

কুম্বীৰটোৱে প্ৰথমবাৰৰ বাবে চিৰিয়াখানাখনত ১০ টা কণী পাৰিছে বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাত কণীকেইটা প্ৰত্যক্ষ কৰে চিৰিয়াখানা কৰ্তৃপক্ষই।

কুম্ভীৰতো যোৱা বৰ্ষত কানপুৰৰ পৰা আনিছিল বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ ডি এফ অ’ তেজছ মৰিস্বামীয়ে।

তেওঁ অৱশ্যে, কুম্ভীৰটোৰ নিশ্চিত বয়স সম্পৰ্কে অৱগত নহয় বুলি জনায়।

আনহাতে, কণী কেইটাৰ উৰ্বৰা (fertile) শক্তি আছে নে নাই সেয়া বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই।

কৰ’না ভাইৰাছৰ মোকাবিলাৰ বাবে বৰ্তমান দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে।